শ্বেয়াৰ বজাৰত হাহাকাৰ! চেনছেক্স ৭৯৩পইণ্টলৈ অৱনমিত, বিনিয়োগকাৰীৰ ৩.৩০লাখ টকা পানীত

কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ একেৰাহে দ্বিতীয় দিনলৈ শ্বেয়াৰ মাৰ্কেট তললৈ নামিছে। সোমবাৰে বিনিয়োগকাৰীসকলে অত্যন্ত বেয়া পৰিস্থিতিৰ মুখামুখি হয়। চেনছেক্স ৯০৮ পইণ্ট পৰ্যন্ত নামিল, আনহাতে নিফটীৰ অৱনমন ২৮৬ পইণ্ট। 

News18
Updated:July 8, 2019, 5:00 PM IST
শ্বেয়াৰ বজাৰত হাহাকাৰ! চেনছেক্স ৭৯৩পইণ্টলৈ অৱনমিত, বিনিয়োগকাৰীৰ ৩.৩০লাখ টকা পানীত
ফটোঃইণ্টাৰনেট
News18
Updated: July 8, 2019, 5:00 PM IST
বাজেট দাখিল হোৱাৰ পিছৰে পৰা ভাৰতীয় শ্বেয়াৰ বজাৰ অৱনমন হোৱাৰ প্ৰক্ৰিয়া অব্যাহত আছে। বাজেটৰ পিছত ক্ৰমাগত দ্বিতীয় দিনলৈ শ্বেয়াৰ বজাৰ অৱনমনৰ সৈতে বন্ধ হ’ল। ব্যৱসায়ৰ সময়ত চেনছেক্স ৯০৮ অংক পৰ্যন্ত নামি পৰে। সেইধৰণে নিফটীৰ ২৮৬ পইণ্ট নমা দেখা যায়। বেংক, অট’, মেটেল, ৰিয়েল্টী সকলো ক্ষেত্ৰত পৰা প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত দিনটোৰ শেষত চেনেছেক্স ৭৯২.৮২ পইণ্টলৈ নামি ৩৮.৭২০.৫৭ৰ স্তৰত বন্ধ হয়। আনহাতে নিফটী ২৫২.৫৫ পইণ্ট পিচলি ১১,৫৫৮.৬০ স্তৰত বন্ধ হয়। বজাৰত ২০১৯ৰ সকলোতকৈ ডাঙৰ ইন্ট্ৰা ডে পতন দেখা পোৱা যায়। নিফটীৰ ক্ষেত্ৰত বিগত ৯মাহৰ ভিতৰত সকলোতকৈ বৃহৎ পতন আৰু চেনছেক্স ২০১৮চনৰ ১১ অক্টোবৰৰ পিছত সকলোতকৈ বৃহৎ পতন দেখা যায়। বজাৰত ইমান বৃহৎ পতনৰ ফলত বিনিয়োগকাৰীৰ ৩.৩০লাখ টকা পানীত পৰিল।

বাজেটৰ দিনাও বজাৰত প্ৰভাৱ

বাজেটৰ দিনা অৰ্থাৎ ৫জুলাইৰ দিনা বাজেটত বেংকৰ পৰা এনবিএফচিৰ কাৰণে বহুকেইটা পন্থা গ্ৰহণ কৰা হয়। কিন্তু বাজেটৰ ঘোষণাত  বজাৰত নিৰাশাজনক পৰিস্থিতিৰ সৃষ্টি হয়। বাজেটৰ পিছত বজাৰত পতন দেখা যায়।
আৰু চাওক পৰৱৰ্তী বাতৰি