ছ্যুটকেছত উদ্ধাৰ হ’ল মানুহৰ কটা হাত–ভৰি, ক’ত এই লোমহৰ্ষক ঘটনা?

News18 Assam | News18-Assam
Updated:December 3, 2019, 2:21 PM IST
ছ্যুটকেছত উদ্ধাৰ হ’ল মানুহৰ কটা হাত–ভৰি, ক’ত এই লোমহৰ্ষক ঘটনা?
মৃতদেহটো পুৰুষৰ নে মহিলাৰ সেয়া চিনাক্ত কৰিব পৰা হোৱা নাই।

মৃতদেহটো পুৰুষৰ নে মহিলাৰ সেয়া চিনাক্ত কৰিব পৰা হোৱা নাই।

  • Share this:
মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত মানৱ অংগ উদ্ধাৰৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ। মুম্বাইৰ মাহিম বীচ্চত সোমবাৰে সন্ধিয়া এটা ছ্যুটকেছত উদ্ধাৰ হয় মানৱ অংগ। মুম্বাই আৰক্ষীয়ে প্ৰাথমিক তদন্ত মতে, সাগৰৰ পানীত উটি অহা ছ্যুটকেছটো খোলাত উদ্ধাৰ হয় মানুহৰ চ্ছিন্ন হাত–ভৰি। মৃতদেহটোৰ সন্ধানত মাছমৰীয়াৰ সহায়ত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আৰক্ষীৰ মতে, মৃতদেহটো পুৰুষৰ নে মহিলাৰ সেয়া চিনাক্ত কৰিব পৰা হোৱা নাই। ছ্যুটকেছত মানৱ অংগ উদ্ধাৰৰ পিছতে মাহিম আৰক্ষীয়ে সকলো থানাক নিৰুদ্দেশ হোৱা কোনো লোকৰ তথ্য থাকিলে জনাবলৈ সতৰ্ক কৰি দিছে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: December 3, 2019, 2:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading