ছত্তীশগড়ত মাওবাদী সংগঠনক শক্তিশালী কৰাৰ ক্ষেত্ৰত আক্কিয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
ছত্তীশগড়ত মাওবাদী সংগঠনক শক্তিশালী কৰাৰ ক্ষেত্ৰত আক্কিয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
ছত্তীশগড়ৰ দুৰ্ধৰ্ষ মাওবাদী কমাণ্ডাৰ আক্কি ৰাজুৰ মৃত্যু হৈছে। বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে আক্কি ৰাজুৱে। বিগত সময়ছোৱাত আক্কি ৰাজুৰ নেতৃত্বত ছত্তীশগড়ত নক্সালবাদীসকলে বহু অভিযানৰ নেতৃত্ব দিছিল। বহু চিআৰপিএফ জোৱানৰ হত্যাৰ মূল অভিযুক্ত আছিল এই আক্কি ৰাজু। শনিবাৰে ছত্তীশগড় আৰু তেলেংগানা সীমান্তৰ ঘন জংঘলত নক্সালবাদী সদস্যসকলে শেষ বিদায় জনায় আক্কি ৰাজুক।
উল্লেখযোগ্য যে, বহু ভয়ংকৰ কূটাঘাতত জড়িত আক্কি ৰাজুৰ সন্ধান দিওতালৈ ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল চৰকাৰে। শনিবাৰে এইগৰাকী দুৰ্ধৰ্ষ নক্সালবাদী নেতাৰ শেষকৃত্য সম্পন্ন কৰা হয় পালমেডু-কোণ্ডাপলি অঞ্চলত। শুকুৰবাৰে নক্সালবাদীৰ মুখপাত্ৰ অভয়ে আক্কিৰ মৃত্যুৰ বিষয়ে সংবাদ মাধ্যমক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছিল।
ছত্তীশগড়ত মাওবাদী সংগঠনক শক্তিশালী কৰাৰ ক্ষেত্ৰত আক্কিয়ে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। আক্কি ৰাজুৰ বিয়োগ সমগ্ৰ মাওবাদী সংগঠনৰ বাবে এক বৃহৎ বিপৰ্যয়। আনহাতে বিগত দুটা বছৰত মাওবাদীৰ শীৰ্ষ নেতা ৰামান্না আৰু হৰিভূষণৰো মৃত্যু হৈছে। চৰকাৰে ৰামান্নাৰ ওপৰত ডেৰ কোটি টকা আৰু হৰিভূষণৰ ওপৰত ৪০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।
কোৰোণাই বিপদত পেলাইছে নক্সালবাদীক:
অতিমাৰী কোৰোণাত বিপৰ্যস্ত হৈছে নক্সালবাদী। যোৱা কেইমাহমানত, নক্সালবাদীসকল কোৰোণাত ব্যাপক ৰূপত আক্ৰান্ত হৈছে। কেইবাজনো জ্যেষ্ঠ নক্সাল নেতাৰ কোৰোণাত মৃত্যু হৈছে। ১০ জুনত, কাট্টি মোহন ৰাও ওৰফে দামু দাদা, ২২ জুনত মহিলা নক্সালবাদী নেতা ভাৰতক্কাৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও, দেৱে, ৰূপী, গংগা, সুদ্ৰু, মুন্নী, ৰীনাকে ধৰি অন্যান্য নক্সালবাদী নেত্ৰী সকলেও কোৰোণাৰ গ্ৰাসত পৰি মৃত্যুক সাবটি লৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|