পাকিস্তানী সন্ত্ৰাসবাদীক এছকৰ্ট দি সুৰক্ষিত স্থানলৈ নি থাকোতে গ্ৰেপ্তাৰ জম্মু–কাশ্মীৰৰ জ্যেষ্ঠ আৰক্ষী বিষয়া

News18 Assam | News18-Assam
Updated:January 13, 2020, 11:18 AM IST
পাকিস্তানী সন্ত্ৰাসবাদীক এছকৰ্ট দি সুৰক্ষিত স্থানলৈ নি থাকোতে গ্ৰেপ্তাৰ জম্মু–কাশ্মীৰৰ জ্যেষ্ঠ আৰক্ষী বিষয়া
গাড়ীত তুলি সন্ত্ৰাসবাদীক কাশ্মীৰৰ পৰা নিৰাপদ ঠাইলৈ লৈ গৈ আছিল আৰক্ষী বিষয়াজন।

গাড়ীত তুলি সন্ত্ৰাসবাদীক কাশ্মীৰৰ পৰা নিৰাপদ ঠাইলৈ লৈ গৈ আছিল আৰক্ষী বিষয়াজন।

  • Share this:
পাকিস্তানী সন্ত্ৰাসবাদীৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকাৰ প্ৰমাণ লাভ কৰাৰ পিছতে জম্মু–কাশ্মীৰৰ উপ আৰক্ষী অধীক্ষক দেৱীন্দৰ সিঙক শণিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। বিষয়াজনৰ গাড়ীত দুজন সন্ত্ৰাসবাদীয়ে ৫টা গ্ৰেণেডসহ লুকাই থকা অৱস্থাত ধৰা পৰাৰ পিছতে আৰক্ষীয়ে নিজৰ বিভাগৰ বিষয়াজনক গ্ৰেপ্তাৰ কৰে। দুজন হিজবুল মুজাহিদিন আৰু লস্কৰ–এ–তৈবা সন্ত্ৰাসবাদীৰ সৈতে দক্ষিণ কাশ্মীৰত হাতে–লোটে ধৰা পৰাৰ পিছত গ্ৰেপ্তাৰ হোৱা বিষয়াজনক সন্ত্ৰাসবাদীৰ দৰেই আচৰণ কৰাৰ নিশ্চিতি দিছে বিভাগে। ধৃত বিষয়াজনে শ্বপিয়ানৰ পৰা সন্ত্ৰাসবাদী দুটাক উপত্যকাৰ পৰা বাহিৰলৈ সুৰক্ষিতভাৱে উলিয়াই নিবলৈ নিজে গাড়ীত তুলি লৈ গৈছিল। পৰৱৰ্তী সময়ত আৰক্ষী বিষয়াজনৰ ঘৰত তালাচী চলাওতে দুটা এ–কে ৪৭ৰাইফল উদ্ধাৰ কৰা হয়।

এই বিতৰ্কিত বিষয়াজনৰ বিৰুদ্ধে আছে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আফজল গুৰুক একালত সহায় কৰাৰো অভিযোগ। অৱশ্যে আৰক্ষীয়ে এইক্ষেত্ৰত কোনো তথ্য প্ৰমাণ লাভ কৰা নাই।

আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে বিভাগলৈ কলংক কঢ়িয়াই অনা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ ঘোষণা কৰে। গ্ৰেপ্তাৰ হোৱা আন সন্ত্ৰাসবাদীৰ দৰে সমান আচৰণ কৰা হ’ব দেৱীন্দৰ সিঙক।
আৰু চাওক
পৰৱৰ্তী বাতৰি