কংগ্ৰেছ দলৰ ব্যাপক পৰিৱৰ্তন বিচাৰি ছোনীয়া গান্ধীয়ৈ পত্ৰ লিখিলে ৫ গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী, সাংসদ শশী থৰু, কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ সদস্য আৰু পূৰ্বৰ বহু কেইগৰাকী জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰীয়ে।
কংগ্ৰেছ দলৰ ব্যাপক পৰিৱৰ্তন বিচাৰি ছোনীয়া গান্ধীয়ৈ পত্ৰ লিখিলে ৫ গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী, সাংসদ শশী থৰু, কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ সদস্য আৰু পূৰ্বৰ বহু কেইগৰাকী জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰীয়ে।
কংগ্ৰেছৰ ইতিহাসত প্ৰথমবাৰলৈ দলীয় নেতৃত্বৰ ব্যাপক পৰিৱৰ্তন বিচাৰি অন্তৱৰ্তীকালীন অধ্যক্ষ ছোনীয়া গান্ধীলৈ পত্ৰ লিখিলে দলটোৰ বহু জ্যেষ্ঠ নেতাই। নেতাসকলে দলটোৰ নেতৃত্ব সলনি কৰি কংগ্ৰেছক বিপৰ্যয়ৰ পৰা উদ্ধাৰ কৰিবলৈ অনুৰোধ জনালে। ছোনীয়া গান্ধীলৈ পত্ৰ লিখা দলটোত আছে পাঁচগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী, শশী থৰুৰৰ দৰে সাংসদ, কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকৰ সদস্য আৰু বহুকেইজন প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী।
ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি, এই পত্ৰখনে বিজেপি দলৰ শক্তিশালী নেতৃত্বৰ দিশটোৱেই তুলি ধৰিছে। তেওঁলোকে স্বীকাৰ কৰিছে যে, যুৱপ্ৰজন্মই নৰেন্দ্ৰ মোদীক সমৰ্থন জনাই আহিছে। পত্ৰত উল্লেখ কৰা মতে, তৃণমুল পৰ্যায়ত হ্ৰাস পাইছে কংগ্ৰেছৰ সমৰ্থকৰ সংখ্যা। কংগ্ৰেছৰ প্ৰতি নৱ প্ৰজন্মৰ বিশ্বাস হেৰাই যোৱাটো চিন্তাৰ বিষয়। প্ৰায় দুসপ্তাহ পূৰ্বে দলটোৱে ছোনীয়া গান্ধীলৈ প্ৰেৰণ কৰিছে এই পত্ৰ। পত্ৰৰ জৰিয়তে দলটোৰ জ্যেষ্ঠ নেতাসকলে দল পুনৰুদ্ধাৰৰ বাবে পূৰ্ণকালীন আৰু দক্ষ নেতৃত্ব বিচাৰিছে।
পত্ৰত হস্তাক্ষৰ কৰিছে ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা গোলাম নবী আজাদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আনন্দ শৰ্মা, কপিল ছিবাল, মনীষ তিৱাৰী, শশী থৰুৰ, সাংসদ বিবেক তন্খা, এ আই চি চিৰ বিষয়-ববীয় আৰু চি ডাব্লিউ চিৰ সদস্য মুকুল বাসনীক, জিতিন প্ৰসাদৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীয়ে।
লগতে ভূপিন্দৰ সিং হুড্ডা, ৰাজেন্দৰ কৌৰ ভট্টল, এম বিৰাপ্পা মৈলী, পৃথ্বীৰাজ ভৱন, পী জে কুৰিয়ান, অজয় সিং, ৰেণুকা চৌধুৰী আৰু মিলিন্দ দেওৰাও আছে। আনহাতে প্ৰাক্তন প্ৰদেশ সমূহৰ অধ্যক্ষ ৰাজ বাব্বৰ(দিল্লী), অৰবিন্দ সিং লবলী(দিল্লী), কৌল সিং ঠাকুৰ(হিমাচল), বৰ্তমান বিহাৰ অভিযান প্ৰমুখ অখিলেখ প্ৰসাদ সিং, হাৰিয়ানাৰ প্ৰাক্তন স্পীকাৰ কুলদ্বীপ শৰ্মা, দিল্লীৰ প্ৰাক্তন স্পীকাৰ য়োগানন্দ শাস্ত্ৰী, প্ৰাক্তন সাংসদ সন্দীপ দিক্ষিতেও হস্তাক্ষৰ কৰিছে।
পত্ৰখনত যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ কাৰণ, প্ৰতিটো নিৰ্বাচনতে পৰাজয়বৰণ কৰাৰ কাৰণো উল্লেখ কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|