কৰ্ণাটক উচ্চ ন্যায়ালয়ত ঘটিল এক আজব ঘটনা। ঘটনা দেখি স্তম্ভিত হৈ পৰিল ন্যায়াধীশো। মঙলবাৰে যৌন কেলেংকাৰিৰ এটা গোচৰ সন্দৰ্ভত অনলাইন শুনানিৰ (Sex-Scandal Hearing) সময়ত এজন ব্যক্তিয়ে ভিডিঅ' কনফাৰেন্সত অৰ্ধ-উলংগ অৱস্থাত উপস্থিত হয় (Semi-Naked Man Appears)। এই দৃশ্য দেখি আদালতে আৰক্ষীক মানুহজনক বিচাৰি উলিয়াবলৈ আৰু তেওঁৰ ওপৰত এখন জাননী দিবলৈ নিৰ্দেশ দিয়ে আৰু এই সন্দৰ্ভত বৈদ্যুতিন তথ্য উদ্ধাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।
মুখ্য ন্যায়াধীশ ঋতুৰাজ অৱস্থী আৰু শচীন শংকৰ মাগদুমৰ নেতৃত্বত এখন বিচাৰপীঠে যৌন চিডি গোচৰৰ বিচাৰ কৰি আছিল। গোচৰটোৰ ভুক্তভোগী এগৰাকী মহিলাৰ হৈ জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয় সিঙে উক্ত যৌন চিডি গোচৰৰ শুনানিৰ সময়তে ঘটা এই ঘটনাক লৈ বিষয়টো আদালতৰ দৃষ্টিগোচৰ কৰাৰ পিছত এই নিৰ্দেশ প্ৰদান কৰে আদালতে। উল্লেখ্য এই গোচৰত এগৰাকী প্ৰাক্তন বিজেপি নেতাৰ নামো জড়িত আছে।
বিচাৰপীঠে যৌন চিডি কেলেংকাৰি সন্দৰ্ভত দাখিল কৰা পিআইএলৰ শুনানি গ্ৰহণ কৰাৰ সময়ত উক্ত মানুহজন প্ৰায় ২০ মিনিটৰ বাবে অৰ্ধ-উলংগ অৱস্থাত উপস্থিত আছিল। এই ঘটনাক লৈ অধিবক্তা জয় সিঙে বিচাৰপতিলৈ লক্ষ্য কৰি কয়, "এগৰাকী মহিলাই আদালত কক্ষত এজন পুৰুষক কাপোৰ অবিহনে দেখাটো অত্যন্ত আপত্তিজনক। যেতিয়া এগৰাকী মহিলাই আদালতত তৰ্ক কৰি আছে, তেতিয়া আমাৰ ওচৰত কাপোৰবিহীন এগৰাকী পুৰুষ আছে? এইবোৰ কি চলি আছে? এনেকুৱা লাগিছে যে তেওঁ আদালতৰ সন্মুখত আৰু মোৰ সন্মুখত গা ধুই আছে। এইটো কেনেকৈ সম্ভৱ? এই ন্যায়ালয়ৰ মৰ্যাদাৰ স্বাৰ্থত, আপোনাৰ আধিপত্যই ইয়াৰ অনুমতি দিব পাৰিবনে?''
বিষয়টো বিচাৰপীঠে গুৰুত্বসহকাৰে লয়। উল্লেখ্য, সেই সময়ত শুনানিত ৮০জনৰো অধিক লোক আছিল। এই ঘটনাক আদালতৰ অৱমাননা বুলি গণ্য কৰা হৈছে। জুম মিটিঙৰ তথ্য অনুসৰি ব্যক্তিজনৰ নাম শ্ৰীধৰ ভট। এই ব্যক্তিগৰাকীয়ে অধিবক্তা ইন্দিৰা জয় সিঙৰ নাম উল্লেখ কৰি সভাৰ পৰা ওলাই গৈছিল। আদালতে (Karnakata HC)আৰক্ষীক মানুহজনক বিচাৰি উলিয়াবলৈ নিৰ্দেশ দিয়াৰ লগতে তেওঁৰ ওপৰত এখন জাননী জাৰি কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|