ছচিয়েল মিডিয়াত নতুন হিৰ’ এগৰাকী মহিলা আৰক্ষী। দিল্লীৰ সাম্যপুৰ বদলি আৰক্ষী থানাৰ হেড কনিষ্টব সীমা ঢাকা। বিগত ৩ মাহত প্ৰায় ৭৬টি নিৰুদ্দিষ্ট শিশুক বিচাৰি উলিয়াইছে সীমাই। উদ্ধাৰ হোৱা শিশুসকলৰ ভিতৰত ৫৬টিৰ বয়স ১৪ বছৰৰ তলত। ইমান কম সময়ত এনেকুৱা সাফল্যৰ বাবে দিল্লী আৰক্ষীয়ে ইতিমধ্যে সীমাক পুৰস্কৃত কৰিছে। সমগ্ৰ দেশে ছেল্যুট জনাইছে, ছচিয়েল মিডিয়াত উপচি পৰিছে সীমাৰ দুঃসাহসিক সফলতাৰ প্ৰশংসা।
দিল্লী আৰক্ষীৰ আয়ুক্ত এছ এন শ্ৰীবাস্তৱে আৰম্ভ কৰিছিল বিশেষ ইনচেণ্টিভ স্কীম, য’ত সফলতাৰ ওপৰত ভিত্তি কৰি আৰক্ষীক সময়ৰ পূৰ্বেই পদোন্নতি দিয়া হয়। সীমা ঢাকা প্ৰথম আৰক্ষী যাৰ এই আঁচনিৰ অধীনত পদোন্নতি হয়।
প্ৰতি বছৰে দিল্লীত বহু শিশু নিখোজ হয়। তেওঁলোকক বিচাৰি উলিয়াবলৈ বিগত ৫ আগষ্টত আৰম্ভ হয় এই বিশেষ ইনচেণ্টিভ স্কীম, য’ত কোৱা হয়, ‘‘যদি কোনো কনিষ্টবল বা হেড কনিষ্টবলে ১২ মাহৰ ভিতৰত ৫০ বা তাৰ অধিক ১৪ বছৰৰ কম বয়সৰ শিশুক উদ্ধাৰ কৰিব পাৰে তেনেহ’লে তেওঁলোকক কামৰ স্বীকৃতিস্বৰূপে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই দিয়া হ’ব প্ৰমোচন।
কিন্তু মাত্ৰ আঢ়ৈ মাহতে দিল্লী, পঞ্জাব আৰু পশ্চিম বংগৰ পৰা ৭৬টি নিখোজ শিশুক বিচাৰি উলিয়ালে সীমা ঢাকাই। দিল্লী আৰক্ষীৰ অতিৰিক্ত জনসংযোগ বিষয়া অনিল মিট্টালে জনায়, ‘‘এই ৭৬টি শিশুৰ নিখোজ হোৱাৰ অভিযোগ দাখিল হৈছিল দিল্লীৰ বিভিন্ন থানাত। মাত্ৰ আঢ়ৈ মাহৰ ভিতৰত সকলোকে বিচাৰি উলিয়ালে সীমাই।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|