• Home
  • »
  • News
  • »
  • nation
  • »
  • জম্মু–কাশ্মীৰৰ পুলৱামাত ৩০ কিঃগ্ৰাঃ IED উদ্ধাৰ, বদগামত পুৱাৰে পৰা সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ অব্যাহত

জম্মু–কাশ্মীৰৰ পুলৱামাত ৩০ কিঃগ্ৰাঃ IED উদ্ধাৰ, বদগামত পুৱাৰে পৰা সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ অব্যাহত

জম্মু–কাশ্মীৰত আজি পুৱাৰে পৰা সেনা আৰু সন্ত্ৰাসবাদীসকলৰ মাজত অব্যাহত আছে তুমূল সংঘৰ্ষ। আৰক্ষী আৰু সেনাই বুধবাৰে ৰাতিপুৱা তিনি সন্ত্ৰাসবাদীক ঘেৰি ধৰিছে।

জম্মু–কাশ্মীৰত আজি পুৱাৰে পৰা সেনা আৰু সন্ত্ৰাসবাদীসকলৰ মাজত অব্যাহত আছে তুমূল সংঘৰ্ষ। আৰক্ষী আৰু সেনাই বুধবাৰে ৰাতিপুৱা তিনি সন্ত্ৰাসবাদীক ঘেৰি ধৰিছে।

জম্মু–কাশ্মীৰত আজি পুৱাৰে পৰা সেনা আৰু সন্ত্ৰাসবাদীসকলৰ মাজত অব্যাহত আছে তুমূল সংঘৰ্ষ। আৰক্ষী আৰু সেনাই বুধবাৰে ৰাতিপুৱা তিনি সন্ত্ৰাসবাদীক ঘেৰি ধৰিছে।

  • Share this:
জম্মু–কাশ্মীৰত আজি পুৱাৰে পৰা সেনা আৰু সন্ত্ৰাসবাদীসকলৰ মাজত অব্যাহত আছে তুমূল সংঘৰ্ষ। আৰক্ষী আৰু সেনাই বুধবাৰে ৰাতিপুৱা তিনি সন্ত্ৰাসবাদীক ঘেৰি ধৰিছে। জানিব পৰা মতে, এই তিনিজনীয়া সন্ত্ৰাসবাদীৰ দলটো লস্কৰ–এ–তৈয়বাৰ লগত জড়িত। কাশ্মীৰৰ ডিজিপি বিজয় কুমাৰে জনায় যে, আৰক্ষী আৰু সুৰক্ষাকৰ্মীসকলে তিনিজন সন্ত্ৰাসবাদীক ঘেৰি লৈছে আৰু তেওঁলোকৰ মাজত গুলীচালনা চলি আছে। ইফালে কাশ্মীৰৰ ADGPএ জনোৱা মতে সেনা আৰু আৰক্ষীয়ে পুলৱামাত বৃহৎ পৰিমাণৰ বিস্ফোৰক IED উদ্ধাৰ কৰিছে যাৰ ওজন ২৫ৰ পৰা ৩০ কিঃগ্ৰাঃ হ'ব।

সেই সন্ত্ৰাসবাদীসকলৰ ভিতৰত লতিফ নামৰ এজন সন্ত্ৰাসবাদীও আছিল যি বহুতো সাধাৰণ নাগৰিকৰ হত্যাৰ লগতে ৰাহুল ভট আৰু টিভি অভিনেত্ৰী অমৰীণ ভটৰ হত্যাত জড়িত আছিল।

এক সূত্ৰ অনুসৰি, বদগামৰ ৱাটাৰশ্বেল গাঁৱত সন্ত্ৰাসবাদীসকল লুকাই থকা বুলি আৰক্ষী আৰু সেনাই খবৰ পাইছিল। ইয়াৰ পাছতেই আৰক্ষী আৰু সেনাই ঐক্যবদ্ধভাবে সন্ত্ৰাসবাদীসকল ধৰিবলৈ এক অভিযান আৰম্ভ কৰে। ইয়াৰ মাজতে সন্ত্ৰাসবাদীৰ দলটোৱে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়াই আৰক্ষী আৰু সেনাই এনকাউন্টাৰ আৰম্ভ কৰে। মন কৰিবলগীয়া কথা যে, বিগত ৫ আগষ্টত জম্মু–কাশ্মীৰৰ কুলগাম জিলাত আৰক্ষী আৰু সেনাৰ সৈতে সন্ত্ৰাসবাদীসকলৰ মাজত হোৱা এনকাউন্টাৰত এজন নাগৰিকৰ মৃত্যু আৰু এজন সেনা আঘাতপ্ৰাপ্ত হৈছিল।

এজন আৰক্ষী বিষয়াই জনায় যে, মঙলবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত বোমা নিষ্ক্ৰিয়কাৰী দলৰ বিশেষজ্ঞসকলে এটা পুৰণি আৰু মামৰে খোৱা গ্ৰেনেড নিষ্ক্ৰিয় কৰে। কিছু গাওঁবাসীয়ে মাঞ্জাকোট অঞ্চলৰ গাম্বিৰ মুগলানৰ এটা নলাৰ কাষত গ্ৰেনেডটো দেখি স্থানীয় আৰক্ষী থানাক অৱগত কৰিছিল। তাৰ পাছতেই, আৰক্ষীৰ এটা দল আৰু বোমা নিষ্ক্ৰিয়কাৰী দল ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয়, যিয়ে বিস্ফোৰকটো নিষ্ক্ৰিয় কৰে আৰু ইয়াক ধ্বংস কৰে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি