কম সময় নহয় ৷ সুৰ্দীঘ ৭৫টা বছৰ পৰি আছিল শক্তিশালী এগাল বোমা আৰু বাৰুদ ৷ শত্ৰু পক্ষই নে মিত্ৰপক্ষই ব্যৱহাৰ কৰিছিল জনা নাযায় ৷ বোমা বোমাই ৷ শত্ৰুৰে হওক বা মিত্ৰই হওক ৷ কাকো চিনি নাপায় ৷
হয়, দ্বিতীয় বিশ্ব যুদ্ধৰ কথা কোৱা হৈছে ৷ দ্বিতীয় বিশ্ব যুদ্ধত ব্যৱহাৰ কৰা এগাল বোমা উদ্ধাৰ হ'ল মণিপুৰৰ ম্যানমাৰ সীমান্তৱৰ্তী টেংনৌপাল জিলাত ৷
টেংনৌপালৰ ১০২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিবদ্ধনৰ কাম কৰি থকাৰ সময়ত লৈছি গাৱঁত উদ্ধাৰ কৰিছিল বোমা আৰু বাৰুদ বিলাক ৷ যি সমূহ দ্বিতীয় বিশ্ব যুদ্ধত ব্যৱহাৰ কৰা হৈছিল ৷
ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ কালত উদ্ধাৰ হোৱা দ্বিতীয় বিশ্ব যুদ্ধত ব্যৱহৃত বোমা-বাৰুদ সমূহ শুকুৰবাৰে স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ অনুৰোধত নিস্ক্ৰিয় কৰে আছাম ৰাইফলছে ৷ আছাম ৰাইফলছৰ টেংনৌপাল বেটেলিয়নে বৃহৎ গাত খান্দি বোমা-বাৰুদ সমূহ নিষ্ক্ৰিয় কৰে ৷
উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামত সততে দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত কিন্তু সক্ৰিয় বহু বোমা-বাৰুদ উদ্ধাৰ হোৱা দেখা যায় ৷
Published by: Tulika Devi
FIRST PUBLISHED : February 22, 2020, 19:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।