আজি ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ কম্পাৰ্টমেণ্টেল ফলাফল। ছেবাৰ কম্পাৰ্টমেণ্টেল ফলাফল আজি পুৱা ১০ বজাত ঘোষণা কৰা হয়। জানিব পৰা মতে যে, এই পৰীক্ষাত ৰাজ্যৰ ১২,৮৬১ জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত মুঠ ২৩,৯০৩ জন শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু অধিকাংশ শিক্ষাৰ্থীয়ে এই পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, উক্ত পৰীক্ষাত প্ৰথম বিভাগত ৯৯ জন, দ্বিতীয় বিভাগত ৬,২৭৬ জন আৰু তৃতীয় বিভাগত ৬,৪৮৬ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ২০২২ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ কম্পাৰ্টমেণ্টেলত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৫৩ শতাংশ। হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা এই বৰ্ষৰ জুলাই মাহৰ ২৫ তাৰিখৰ পৰা ৩০ তাৰিখলৈকৈ অনুষ্ঠিত হৈছিল।
উল্লেখনীয় যে, হাইস্কুল শিক্ষান্ত পৰীক্ষা(HSLC)ত যিসকল ছাত্ৰ-ছাত্ৰীয়ে HSLC/AHM প্ৰমাণপত্ৰ প্ৰাপ্ত কৰাত ব্যৰ্থ হৈছিল সেই সকলো শিক্ষাৰ্থীয়ে ছেবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা,২০২২ হিচাপে আন এটা সুযোগ পাইছিল। ছেবা আনুষ্ঠানিক পৰীক্ষাৰ সময়সূচী অনুসৰি ছেবা কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে ছেবাৰ ৱেবছাইটৰ পৰা তেওঁলোকৰ পৰীক্ষাৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব।।