বুধবাৰে মণিপুৰত এখন স্কুল বাছ দুৰ্ঘটনাৰ সন্মুখীন হয়। এই দুৰ্ঘটনাত কেইবাজনো শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। এই দুৰ্ঘটনাত থম্বলনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইবাজনো শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। প্ৰাথমিক তথ্য অনুসৰি, য়াৰিপোকৰ থম্বলনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিয়া দুখন বাছ শিক্ষামূলক ভ্ৰমণত খাউপুমলৈ গৈ আছিল, তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হৈছিল।
কেইবাজনো শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ লগতে, বহুতো শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এই দুৰ্ঘটনাটো লংচাই টুবুং গাঁৱৰ ওচৰৰ বিষ্ণুপুৰ-খুপুম পথত সংঘটিত হৈছিল। আঘাতপ্ৰাপ্ত শিক্ষাৰ্থীসকলক ইম্ফলৰ মেডিচিটি চিকিৎসালয়ত চিকিৎসা কৰা হৈছে। প্ৰতিবেদন অনুসৰি, এতিয়ালৈকে ২২ জন শিক্ষাৰ্থীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ঘটনাটোত শোক প্ৰকাশ কৰিছে। তেওঁ এটা ভিডিঅ' টুইট কৰি দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰিছে। তেওঁ টুইট কৰি কয় "আজি পুৰণি কাছাৰ ৰোডত স্কুলীয়া ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিয়া এখন বাছ দুৰ্ঘটনাৰ বিষয়ে জানি গভীৰ দুখ পাইছো। এছডিআৰএফ, চিকিৎসা দল আৰু বিধায়ক সহায়ৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে। বাছত সকলোৰে সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰিছো।"
Published by: Kokil Sarma
FIRST PUBLISHED : December 21, 2022, 18:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।