• Home
  • »
  • News
  • »
  • nation
  • »
  • ১ লাখ টকা মূৰৰ দাম থকা পলাতক গৌতম বৰুৱা গ্ৰেপ্তাৰ নতুন দিল্লীত, কেনেকৈ পৰিল ধৰা?

১ লাখ টকা মূৰৰ দাম থকা পলাতক গৌতম বৰুৱা গ্ৰেপ্তাৰ নতুন দিল্লীত, কেনেকৈ পৰিল ধৰা?

১২১ কোটি টকীয়া কেলেংকাৰীৰ খলনায়ক গৌতম বৰুৱাক মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে ৷

১২১ কোটি টকীয়া কেলেংকাৰীৰ খলনায়ক গৌতম বৰুৱাক মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে ৷

১২১ কোটি টকীয়া কেলেংকাৰীৰ খলনায়ক গৌতম বৰুৱাক মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে ৷

  • Share this:
অসম গৃহ নিৰ্মান শ্ৰমিক আৰু অন্যান্য নিৰ্মান শ্ৰমিক উন্নয়ন পৰিষদত ২০১১ চনৰ পৰা ২০১৭ চনলৈ সংঘটিত হৈছিল ১২১ কোটি টকাৰ বিয়াগোম কেলেংকাৰী ৷ ২০১৭ চনত সেই সময়ৰ শ্ৰম আয়ুক্ত তপন শৰ্মাই মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাত অসম গৃহ নিৰ্মান আৰু অন্যান্য নিৰ্মান শ্ৰমিক উন্নয়ন পৰিষদৰ ১২১ কোটি টকাৰ লুণ্ঠন কৰাৰ তথ্য প্ৰথম পোহৰলৈ আনিছিল ৷ তাৰ পিছতে চিএম ভিজিলেঞ্চে আৰম্ভ কৰিছিল তদন্ত ৷ তদন্তত পোহৰলৈ আহিছিল অসম গৃহ নিৰ্মান আৰু অন্যান্য নিৰ্মান শ্ৰমিক উন্নয়ন পৰিষদৰ ১২১ কোটি টকাৰ কেলেংকাৰীৰ সমস্ত তথ্য ৷

অসম গৃহ নিৰ্মান আৰু অন্যান্য নিৰ্মান শ্ৰমিক উন্নয়ন পৰিষদৰ অধ্যক্ষ আছিল ব্যৱসায়ী গৌতম বৰুৱা, সদস্য সচিব আছিল সেই সময়ৰ শ্ৰম আয়ুক্ত IAS চৌহান দলে ৷ IAS চৌহান দলে আৰু গৌতম বৰুৱাই শ্ৰমিকৰ ছাত্ৰ–ছাত্ৰীৰ মাজত লিফলেট আৰু বুকলেট দিয়াৰ বাবে ঠিকা দিছিল  M/S পুৰ্বাশ্ৰী প্ৰিন্টিং হাউছৰ স্বতাধিকাৰী প্ৰিয়াংসু বৈৰাগীক দিছিল সমগ্ৰ ঠিকা ৷ কিন্তু ঠিকা সম্পূৰ্ণ হ’ল কাগজে পত্ৰইহে ৷ কিন্তু প্ৰকৃততে চপা নহল ১২১ কোটি টকাৰ লিফলেট আৰু বুকলেট ৷

মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাৰ তদন্তত পোহৰলৈ আহিল IAS চৌহান দলে, ব্যৱসায়ী গৌতম বৰুৱা, প্ৰিয়াংসু বৈৰাগীয়ে লুণ্ঠন কৰিছিল ১২১ কোটি টকা ৷ তদন্তৰ পিছত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰিছিল তদানীন্তন শ্ৰম আয়ুক্ত চৌহান দলে, প্ৰশাসনীয় বিষয়া নগেন্দ্ৰ নাথ চৌধুৰী, প্ৰিয়াংসু বৈৰাগীক ৷ কিন্তু গ্ৰেপ্তাৰৰ পৰা ভয়ত পলায়ন কৰিছিল গৌতম বৰা ৷

২০১৮ চনত বিশেষ আদালতে গৌতম বৰুৱাক পলাতক ঘোষনা কৰে আৰু মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাই লগতে গৌতম বৰুৱাৰ তথ্য দিওতালৈ ঘোষনা কৰিছিল ১ লাখ টকাৰ পুৰষ্কাৰ ৷ অৱশেষত ২ বছৰ পাৰ হোৱাৰ অন্তত দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত  সফদৰজং এলেকাৰ কৃষ্ণ নগৰৰ নৰ্থ ইষ্ট গোষ্ঠী হাউছৰ পৰা গ্ৰেপ্তাৰ কৰা গৌতম বৰুৱাক ৷

২০১৮ চনত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাই গোচৰটোৰ অভিযুক্ত গৌতম বৰুৱাক পলাতক ঘোষনা  কৰি চাৰ্জশ্বীট দাখিল কৰিছিল ৷ বিগত ৫ দিন ধৰি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ বিষয়াই নতুন দিল্লীত বাহৰ পাতি আছিল ৷ মঙলবাৰে নতুন দিল্লীৰ আদালতত গৌতম বৰুৱাক হাজিৰ কৰি গুৱাহাটীলৈ লৈ অনা হ’ব ৷
Published by:Tulika Devi
First published:

শেহতীয়া বাতৰি