বিৰল প্ৰজাতিৰ বন্য প্ৰাণীৰ হিচাপ ৰখা বা মৃত্যু হ’লে তত্ক্ষণাত পৰিসংখ্যা পৰিৱৰ্তনৰ ক্ষেত্ৰত যি নীতি আছে,, সেই নীতি কিছু সংশোধন কৰা হৈছে। শেষৰ ছয় মাহৰ ভিতৰত স্বেচ্চাই নিজৰ অধীনত থকা বিৰল প্ৰজাতিৰ বন্য প্ৰাণীৰ সংখ্যাক লৈ কোনো বিবৃতি যদি কোনোৱে দিয়ে, তেন্তে কেৱল তাৰ ওপৰত ভিত্তি কৰিয়েই কোনো সংস্থা বা কোনো ব্যক্তিক তদন্ত কৰা বা মোকৰ্দমা কৰাৰ অনুমতি দিয়া নহ’ব। এই কথা স্পষ্ট কৈ জনাইছিল এলাহাবাদ হাইকোৰ্টে।