উত্তৰ পূৱৰ সকলো বিশ্ববিদ্যালয়ৰ লগতে অসমৰ বিশ্ববিদ্যালয়ৰো অংশগ্ৰহণ।
উত্তৰ পূৱৰ সকলো বিশ্ববিদ্যালয়ৰ লগতে অসমৰ বিশ্ববিদ্যালয়ৰো অংশগ্ৰহণ।
কাইলৈ অৰ্থাৎ ২২ জানুৱাৰিত উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব বহু বিতৰ্কিত তথা খিলঞ্জীয়াই জাতিধ্বংসী আখ্যা দিয়া নাগৰিকত্ব সংশোধনী আইনৰ। এই দিনটোত বিশ্ববিদ্যালয় ছাত্ৰ সমাজে ঘোষণা কৰিছে ‘Total Shutdown’ অৰ্থাৎ ‘সম্পূৰ্ণ বন্ধ’ৰ। উত্তৰ-পূৰ্বাঞ্চল বিশ্ববিদ্যালয় ছাত্ৰ সমাজে সেইদিনা উত্তৰ-পূৰ্বাঞ্চলৰ সকলো কলেজ-বিশ্ববিদ্যালয় সম্পূৰ্ণ বন্ধৰ ঘোষণা কৰিছে।
বুধবাৰে উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব সংশোধিত আইন,২০১৯ৰ বৈধতাক প্ৰশ্ন তুলি সৰ্বোচ্চ ন্যায়ালয়খনত দাখিল কৰা আবেদনসমূহৰ শুনানি গ্ৰহণ কৰিব।
উত্তৰ-পূৰ্বাঞ্চল বিশ্ববিদ্যালয় ছাত্ৰ সমাজে আশা ব্যক্ত কৰিছে যে শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে উত্তৰ –পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণৰ ওপৰত ‘কা’ৰ ধ্বংসাত্মক প্ৰভাৱৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিব।
সম্পূৰ্ণ বন্ধৰ ঘোষণা কৰা বিশ্ববিদ্যালয়সমূহৰ মাজত আছে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, নৰ্থ ইষ্টাৰ্ণ হিল য়ুনিভাৰ্ছিটি, তেজপুৰ বিশ্ববিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, নাগালেণ্ড বিশ্ববিদ্যালয়, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় আৰু নেৰিষ্ট।
উচ্চতম ন্যায়ালয়ে আছু, ইণ্ডিয়ান মুছলীম লীগ আৰু কংগ্ৰেছ নেতা জয়ৰাম ৰমেশকে ধৰি বিভিন্ন পক্ষই দাখিল কৰা কা’ বিৰোধী আবেদনৰ শুনানিৰ দিন ২২ জানুৱাৰি নিৰ্দ্ধাৰণ কৰিছিল। আৰ জে ডি নেতা মনোজ ঝা, তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ আৰু এ আই এম আই এম নেতা আছাউদ্দিন ওৱেছিয়েও উচ্চতম ন্যায়ালয়ে নতুন নাগৰিকত্ব আইনখনৰ বিৰুদ্ধে আবেদন দাখিল কৰিছে।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|