ৰঞ্জন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ প্ৰমাণ বন্ধ খামত দিলে অধিবক্তাই, চিবিআই, আই বি, দিল্লী আৰক্ষীৰ মুৰব্বীক তলব সৰ্বোচ্ছ ন্যায়ালয়ৰ

অধিবক্তা উৎসৱ বাইনছে দাবী কৰিছিল যে যৌন নিৰ্যাতনৰ অভিযোগেৰে মুখ্য ন্যায়াধীশগৰাকীক পাকত পেলাবলৈ ষড়যন্ত্ৰ কৰা হৈছে। তেওঁ কেইবাজনো ব্যক্তিয়ে ৰঞ্জন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ সম্ভাৱনা প্ৰকট কৰি তথ্য প্ৰমাণ লৈ আদালতৰ কাষ চাপিছে।

news18assam
Updated:April 24, 2019, 6:47 PM IST
ৰঞ্জন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ প্ৰমাণ বন্ধ খামত দিলে অধিবক্তাই, চিবিআই, আই বি, দিল্লী আৰক্ষীৰ মুৰব্বীক তলব সৰ্বোচ্ছ ন্যায়ালয়ৰ
অধিবক্তা উৎসৱ বাইনছে দাবী কৰিছিল যে যৌন নিৰ্যাতনৰ অভিযোগেৰে মুখ্য ন্যায়াধীশগৰাকীক পাকত পেলাবলৈ ষড়যন্ত্ৰ কৰা হৈছে। তেওঁ কেইবাজনো ব্যক্তিয়ে ৰঞ্জন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ সম্ভাৱনা প্ৰকট কৰি তথ্য প্ৰমাণ লৈ আদালতৰ কাষ চাপিছে।
news18assam
Updated: April 24, 2019, 6:47 PM IST
বুধবাৰে সৰ্বোচ্ছ ন্যায়ালয়ে চিবিআইৰ সঞ্চালক, দিল্লী আৰক্ষীৰ আয়ুক্ত আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ মুৰব্বীক মতাই পঠিয়ায়। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নাম এটা যৌন নিৰ্যাতনৰ গোচৰত ষড়যন্ত্ৰমূলকভাৱে অন্তৰ্ভুক্ত কৰা আৰু ন্যায় ব্যৱস্থাৰ কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত সকলো দিশ বিবেচনা কৰিবলৈ তেওঁলোকক মতাই পঠিওৱা হয়।

ন্যায়াধীশ অৰুণ মিশ্ৰাৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে চাৰে বাৰ বজাত তিনিওজন মুৰব্বীক মতাই পঠিয়ায় আৰু এই বিষয়ত আলোচনা কৰে। পুনৰ দিনৰ তিনি বজাত এই বিচাৰপীঠে বিষয়টোক লৈ আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখযোগ্য যে অধিবক্তা উৎসৱ বাইনছে দাখিল কৰা এখন শপতনামাত মুখ্য ন্যায়াধীশগৰাকীক ষড়যন্ত্ৰ কৰি ফচাবলৈ চেষ্টা কৰাৰ কথা উল্লেখ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰীয়ে ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনাৰ পিছতে সৰৱ হৈছিল অধিবক্তাগৰাকী। নিজৰ শপতনামাত উৎসৱ বাইনছে ন্যায়প্ৰক্ৰিয়াত চলি থকা অবাধ দুৰ্নীতিৰ অন্ত পেলোৱাৰ বাবে ৰঞ্জন গগৈক টাৰ্গেট কৰাৰ কথা কৈছিল। তেওঁৰ মতে সৰ্বোচ্ছ ন্যায়ালয়ৰ এগৰাকী ফিক্সাৰ জনৈক ৰমেশ শৰ্মাই এই ষড়যন্ত্ৰৰ গুৰি ধৰিছে।

মঙলবাৰে নিজৰ শপতনামা সন্দৰ্ভত উচ্চতম ন্যায়ালত হাজিৰ হৈ উৎসৱ বাইনছে কিছু অতিৰিক্ত নথি পত্ৰও জমা দিয়ে। যৌন নিৰ্যাতনৰ গোচৰৰ পূৰ্বে ৰঞ্জন গগৈক ভুৱা গোচৰত পেলাবলৈ বৃহৎ টকাৰ প্ৰলোভন দিবলৈ অহা এজন দালালৰ চিচিটিভি ফুটেজো তেওঁৰ কাষত থকাৰ উল্লেখ কৰে অধিবক্তাগৰাকীয়ে।

ন্যায়াধীশ মিশ্ৰাই এই অভিযোগক গুৰুতৰ আখ্যা দি গুৰিলৈকে অনুসন্ধান কৰা পোষকতা কৰে।

ন্যায়ালয়ৰ স্বতন্ত্ৰতা সন্দৰ্ভত এয়া গুৰুতৰ বিষয়। কাৰোবাৰ আঙুলীৰ ঠাঁৰত সৰ্বোচ্ছ ন্যায়ালয় চলাৰ কথা কোৱা হৈছে। যদি এয়া সঁচা তেনেহ’লে অতি বিষম কথা।

মুখ্য ন্যায়াধীশ গৰাকীয়ে যি পদক্ষেপ লৈছে সেয়া আন কোনো মুখ্য ন্যায়াধীশে ল’ব পৰা নাছিল। এই গোচৰত ন্যস্ত স্বাৰ্থ জড়িত মানুহৰ ষড়যন্ত্ৰৰ উমান পোৱা গৈছে। এয়া অতি ভয়ংকৰ কথা। মুখ্য ন্যায়াধীশ গৰাকীয়ে সমগ্ৰ ব্যৱস্থা পৰিষ্কাৰ কৰিব বিচাৰিছে।
আশা কৰা হৈছে দুই এদিনৰ ভিতৰতেই ষড়যন্ত্ৰকাৰী চক্ৰটোৰ নাম পোহৰলৈ আহিব যদিও ষড়যন্ত্ৰকাৰী হিচাপে নাম সাঙুৰ খাইছে জেট এয়াৰৱেজৰ বিদায়ী প্ৰতিষ্ঠাতা নৰেশ গোৱেল, কুখ্যাত ফিক্সাৰ ৰমেশ শৰ্মা  আৰু  কৰ্পৰেট খণ্ডৰ কেইবাজনো প্ৰভাৱশালী ব্যক্তিৰ।



তিনি ন্যায়াধীশৰ দ্বাৰা গঠিত বিচাৰপীঠে অব্যাহত ৰাখিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগৰ বিচাৰ প্ৰক্ৰিয়া। অহা মাহত কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ ৰায় দান কৰিব মুখ্যন্যায়াধীশ ৰঞ্জন গগৈয়ে। হয়তু এই ৰায়দানৰ পূৰ্বেই শক্তিশালী চক্ৰটোৱে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপনেৰে মুখ্য ন্যায়াধীশৰ আসনৰ পৰা খহাব খুজিছে ৰঞ্জন গগৈক!

 
আৰু চাওক পৰৱৰ্তী বাতৰি