আৰু ৰেহাই নহ’ব! কাইলৈ ফাঁচি হ’ব নিৰ্ভয়া কাণ্ডৰ চাৰিওটা দোষী ক্ৰমে মুকেশ, পৱন, অক্ষয় আৰু বিনয়ৰ। দিল্লী আদালতে বৃহস্পতিবাৰে কয় যে, এতিয়া কোনো ধৰণৰ ন্যায়িক প্ৰক্ৰিয়া বাকী থকা নাই। ইতিমধ্যে নিৰ্ভয়া কাণ্ডৰ লগত জড়িত সকলো বিচাৰ প্ৰক্ৰিয়া শেষ কৰিছে আদালতে। দোষী অক্ষয় কুমাৰ আৰু পৱন গুপ্তাৰ দ্বিতীয়খন আবেদনৰ কোনো শুনানি গ্ৰহণ নকৰাকৈয়ে খাৰিজ কৰে আদালতে।
ফাঁচি দিবলৈ মাজত সম্পূৰ্ণ এটা দিনো বাকী নথকা অৱস্থাত পৱনে উচ্চতম ন্যায়ালত দাখিল কৰিছিল আবেদন। কিন্তু ন্যায়ালয়ে এতিয়া খাৰিজ কৰিছে পৱনৰ আবেদন। পৱনে ঘটনাৰ সময়ত নাবালক হোৱাৰ দাবী কৰি, কৰিছিল আবেদন। কিন্তু ন্যায়ালয়ে খাৰিজ কৰে পৱনৰ কিউৰেটিভ আবেদন।
উল্লেখযোগ্য যে,নিৰ্ভয়া কাণ্ডৰ দোষীৰ বিৰুদ্ধে চতুৰ্থবাৰৰ বাবে জাৰি কৰা হৈছিল ডেথ ৱাৰেণ্ট। ইয়াৰ পূৰ্বে ৩ মাৰ্চত দোষীৰ ফাঁচিৰ দিন নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু দোষী পৱনৰ ক্ষমা আবেদন ৰাষ্ট্ৰপতিৰ টেবুলত থকা বাবে পিছুৱাই দিয়া হৈছিল ফাঁচিৰ দিন।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|