• Home
  • »
  • News
  • »
  • nation
  • »
  • Supreme Court: শিক্ষানুষ্ঠানত হিজাব পৰিধানৰ অধিকাৰক লৈ প্ৰশ্ন উত্থাপন কৰিলে উচ্চতম ন্যায়ালয়ে

Supreme Court: শিক্ষানুষ্ঠানত হিজাব পৰিধানৰ অধিকাৰক লৈ প্ৰশ্ন উত্থাপন কৰিলে উচ্চতম ন্যায়ালয়ে

শীৰ্ষ আদালতত দাখিল কৰা এটা আবেদনত আবেদনকাৰীয়ে কয় যে উচ্চ ন্যায়ালয়ে ধৰ্মৰ স্বাধীনতা আৰু বিবেকৰ স্বাধীনতাৰ এক দ্বৈততা সৃষ্টি কৰাত ভুল কৰিছে য’ত আদালতে অনুমান কৰিছে যে কোনো ধৰ্ম অনুসৰণ কৰাসকলৰ বিবেকৰ অধিকাৰ থাকিব নোৱাৰে।

  • Share this:
কৰ্ণাটক উচ্চ ন্যায়ালয়ে শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিছে। সোমবাৰে পুৱা ন্যায়াধীশ হেমন্ত গুপ্তা আৰু সুধাংশু ধুলীয়াৰ বিচাৰপীঠে গোচৰ স্থগিত ৰখাৰ লগতে অবিবিধ দিনত শুনানিৰ সময় নিৰ্ধাৰণ কৰাৰ বাবে আবেদনকাৰীৰ অনুৰোধ নাকচ কৰে। বুধবাৰে পুনৰ শুনানি গ্ৰহণ কৰিব শীৰ্ষ আদালতে।

আবেদনকাৰীৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা দেৱদত্ত কামতে কয় যে এনে সাংবিধানিক গুৰুত্বৰ বিষয় এটা অবিবিধ দিনতো শুনানি ল’ব লাগিব। কৰ্ণাটক ৰাজ্যৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই সোমবাৰে আবেদনকাৰীয়ে শুনানি পিছুৱাই দিয়াৰ অনুৰোধৰ বিৰোধিতা কৰে।

ইয়াৰ পূৰ্বে ২৯ আগষ্টত এই আবেদন সন্দৰ্ভত কৰ্ণাটক চৰকাৰক জাননী জাৰি কৰা উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰিছিল যে এই বিষয়ত আবেদনকাৰীসকলে বাৰে বাৰে আগতীয়াকৈ শুনানি বিচাৰিছিল আৰু যেতিয়া এই আবেদনসমূহ তালিকাভুক্ত কৰা হৈছে, তেতিয়া স্থগিত ৰখাৰ বাবে অনুৰোধ জনাই এখন পত্ৰ প্ৰচাৰ কৰা হৈছে।

“এয়া গ্ৰহণযোগ্য নহয়। আপুনি বাৰে বাৰে আগতীয়াকৈ শুনানি বিচাৰিছিল। এতিয়া, ইয়াক তালিকাভুক্ত কৰা হৈছে আৰু আপুনি এইটো বিচাৰে।’- ন্যায়াধীশ হেমন্ত গুপ্তা আৰু সুধাংশু ধুলীয়াৰ বিচাৰপীঠে কয়। “আমি ফ’ৰাম শ্বপিঙৰ অনুমতি নিদিওঁ। এয়াই সকলো। কাইলৈ যুক্তিতৰ্কৰ বাবে আহক। আমি কাইলৈ আপোনাৰ কথা শুনিম।’' বুলি আৰম্ভণিতে কয় বিচাৰপীঠে।

হিজাব নিষিদ্ধকৰণক লৈ কৰ্ণাটকৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ঃ

উডুপিৰ চৰকাৰী প্ৰাক-বিশ্ববিদ্যালয় ছোৱালী মহাবিদ্যালয়ৰ মুছলমান ছাত্ৰ-ছাত্ৰীৰ এটা অংশই শ্ৰেণীকোঠাৰ ভিতৰত হিজাব পিন্ধাৰ অনুমতি বিচাৰি দাখিল কৰা আবেদন খাৰিজ কৰিছিল কৰ্ণাটক উচ্চ ন্যায়ালয়ে। বিদ্যালয়ৰ ইউনিফৰ্মৰ প্ৰেছক্ৰিপচন মাত্ৰ এটা যুক্তিসংগত নিষেধাজ্ঞাহে, সাংবিধানিকভাৱে অনুমোদিত যাৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলে আপত্তি কৰিব নোৱাৰে বুলি উচ্চ ন্যায়ালয়ে কৈছিল।

শীৰ্ষ আদালতত দাখিল কৰা এটা আবেদনত আবেদনকাৰীয়ে কয় যে উচ্চ ন্যায়ালয়ে ধৰ্মৰ স্বাধীনতা আৰু বিবেকৰ স্বাধীনতাৰ এক দ্বৈততা সৃষ্টি কৰাত ভুল কৰিছে য’ত আদালতে অনুমান কৰিছে যে কোনো ধৰ্ম অনুসৰণ কৰাসকলৰ বিবেকৰ অধিকাৰ থাকিব নোৱাৰে।

উচ্চ ন্যায়ালয়ে কৈছিল যে চৰকাৰৰ হাতত ৫ ফেব্ৰুৱাৰী, ২০২২ তাৰিখৰ আপত্তিজনক আদেশ জাৰি কৰাৰ ক্ষমতা আছে, আৰু ইয়াক বাতিল কৰাৰ বাবে কোনো গোচৰ উত্থাপন কৰা হোৱা নাই। আদেশ অনুসৰি কৰ্ণাটক চৰকাৰে বিদ্যালয়-মহাবিদ্যালয়ত সমতা, সততা, ৰাজহুৱা শৃংখলা বিঘ্নিত কৰা কাপোৰ পিন্ধাটো নিষিদ্ধ কৰিছিল, যিটো মুছলমান ছোৱালীকেইজনীয়ে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল।

চৰকাৰৰ ৫ ফেব্ৰুৱাৰীৰ আদেশক প্ৰত্যাহ্বান জনাই আবেদনকাৰীসকলে উচ্চ ন্যায়ালয়ৰ সন্মুখত যুক্তি দিছিল যে ইছলামিক হিজা পিন্ধাটো বিশ্বাসৰ এক নিৰীহ প্ৰথা আৰু এক অত্যাৱশ্যকীয় ধৰ্মীয় প্ৰথা (ই আৰ পি) আৰু কেৱল ধৰ্মীয় জিংগোবাদৰ প্ৰদৰ্শন নহয়।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি