আৰে ক’লনীত গছ কটাত বাধা আৰোপ SCৰ, আটক কৰা প্ৰতিবাদকাৰীক মুকলি কৰাৰ নিৰ্দেশ

মুম্বাইত আৰে ক’লনীত গছ কটাক লৈ অহা ২১ অক্টোবৰত শুনানি গ্ৰহণ কৰা হব। 

News18-Assam
Updated:October 7, 2019, 12:05 PM IST
আৰে ক’লনীত গছ কটাত বাধা আৰোপ SCৰ, আটক কৰা প্ৰতিবাদকাৰীক মুকলি কৰাৰ নিৰ্দেশ
মুম্বাইত আৰে ক’লনীত গছ কটাক লৈ অহা ২১ অক্টোবৰত শুনানি গ্ৰহণ কৰা হব। 
News18-Assam
Updated: October 7, 2019, 12:05 PM IST
মুম্বাইৰ আৰে ক’লনীত গছ কটাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে বাধা আৰোপ কৰিছে। এই সংক্ৰান্তত ২১ অক্টোবৰত পৃথক শুনানি গ্ৰহণ কৰা হ’ব। উচ্চতম ন্যায়ালয়ৰ আদেশৰ পিছত মহাৰাষ্ট্ৰ চৰকাৰৰ তৰফৰ পৰা পক্ষ ৰখা তুষাৰ মেহতাই জনায় যে এতিয়া চৰকাৰে কোনো গছ নাকাটে। ন্যায়াধীশ মিশ্ৰাই কয় যে, মহাৰাষ্ট্ৰ চৰকাৰে ৰিপ’ৰ্ট দি কৰ্টক জনাওক যে এতিয়ালৈকে কিমান গছ কটা হ’ল?



ইয়াৰ লগতে উচ্চতম ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰক আদেশ দিছে যে গছ কটাৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শন কৰা যিসকল লোকক আটক কৰা হৈছিল তেওঁলোকক তাৎক্ষণিকভাৱে মুকলি কৰি দিব লাগে। ইয়াৰ লগতে ক’ৰ্টে কয় যে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়কো ইয়াত এটা পক্ষ হিচাপে চামিল কৰিব লাগে।

আইনৰ শিক্ষাৰ্থীসকলে গছ কটাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ক পত্ৰক ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থজৰিত আৱেদন হিচাপে স্বীকাৰ কৰিছিল। দেওবাৰে ক’ৰ্টে বিশেষ বেঞ্চ গঠন কৰি দিছিল। মেট্ৰ’ৰ শ্বেড নিৰ্মান কৰিবলৈ আৰে ক’লনীৰ গছ কটাৰ কাম আৰম্ভ কৰা হৈছিল। আইনৰ শিক্ষাৰ্থীসকলে উল্লেখ কৰিছিল যে চৰকাৰে খুব খৰখেদাকৈ গছ কটাৰ সিদ্ধান্ত লৈছিল। আৰেত মুঠ ২৭০০গছ কটাৰ পৰিকল্পনা কৰিছে। ইয়াৰে অধিকাংশ গছ কটা গ’ল বুলিও উল্লেখ কৰা হৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি