• Home
  • »
  • News
  • »
  • nation
  • »
  • ৮৪ বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰা নাবালিকাই জন্ম দিলে সন্তান! DNA টেষ্টৰ নিৰ্দেশ SCৰ

৮৪ বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰা নাবালিকাই জন্ম দিলে সন্তান! DNA টেষ্টৰ নিৰ্দেশ SCৰ

অভিযুক্ত ব্যক্তিৰ তৰফৰ পৰা যুক্তি প্ৰদৰ্শন কৰিছে জ্যেষ্ঠ আইনজীৱি কপিল সিবালে। আদালতত তেওঁ প্ৰশ্ন কৰে অভিযুক্তৰ বয়স ৮৪বছৰ আৰু তেওঁৰ যৌন ক্ষমতা নাই। তেওঁৰ মক্কেলে যি কোনো মেডিকেল টেষ্ট দিবলৈ ৰাজী। 

  • Share this:
নতুন দিল্লীঃ ডিএনএ টেষ্ট হ’ব। ১৪বছৰৰ কিশোৰীক ধৰ্ষণৰ অভিযোগত ৮৪ বছৰৰ বৃদ্ধক এই নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। অভিযোগ মতে ১৪বছৰীয়া কিশোৰীগৰাকীক ধৰ্ষণ কৰিছে বৃদ্ধই। তাৰ ফলত অন্তঃসত্ত্বা হৈ যোৱা ৫জুলাইত এটি সন্তান জন্ম দিয়ে কিশোৰীগৰাকীয়ে। শিলিগুৰিৰ মাটিগড়াৰ ঘটনা এইটো।

ধৰ্ষণৰ অভিযোগত জেল খাটিছে সেই বৃদ্ধই। ৮৪বছৰীয়া সেই বৃ্দ্ধৰ দাবী তেওঁৰ বয়সেই তেওঁৰ নিৰ্দোষিতাই সকলোতকৈ ডাঙৰ প্ৰমাণ, তেওঁ ধৰ্ষণ কৰিবই নোৱাৰে। কাৰণ তেওঁৰ আৰু যৌন ইচ্ছা শৰীৰত নাই। কিন্তু ছুপ্ৰীম ক’ৰ্টত দিয়া আৰক্ষীৰ ৰিপ’ৰ্টত কোৱা হৈছে যে সেই ব্যক্তিজনৰ যৌন ক্ষমতা আৰু ইচ্ছা দুয়োটাই ঠিকে আছে।

অভিযুক্ত ব্যক্তিজনৰ তৰফৰ পৰা গোচৰ লৈছে জ্যেষ্ঠ আইনজীৱি কপিল সিবালে। তেওঁ প্ৰশ্ন কৰে, এই ব্যক্তিজনৰ বয়স ৮৪বছৰ। যৌন ক্ষমতা আৰু নাই তেওঁৰ। গতিকে তেওঁৰ মক্কেলে যিকোনো মেডিকেল টেষ্ট দিবলৈ ৰাজী। পিতৃত্বৰ পৰীক্ষা দিবলৈও ৰাজী।

পশ্চিমবংগ চৰকাৰৰ তৰফৰ পৰা আইনজীৱি লিজ মেথিউয়ে আদালতৰ ওচৰত মাটিগড় আৰক্ষী থানাৰ সেই ৰিপ’ৰ্ট তুলি ধৰে। সেই ৰিপ’ৰ্টত কোৱা হৈছে যে অভিযুক্তৰ ডিএনএ টেষ্ট কৰা হৈছে। সদ্যোজাত শিশুটিৰ জন্মদাতা সেই ব্যক্তিজনেই। ৮৪বছৰ বয়স হ’লেও তেওঁৰ যৌন ক্ষমতা আছে।

কপিল সিবালে ওলোটা প্ৰশ্নত আদালতক জনায়, তেওঁৰ মক্কেলৰ শৰীৰৰ লাহে লাহে বেয়া হৈছে। ১২মে’ৰ পৰা তেওঁ জেলবন্দী। যিমান সোনকালে সম্ভৱ ডিএনএ টেষ্ট হওক।
First published:

শেহতীয়া বাতৰি