দিহিং পাটকাই অভয়াৰণ্যৰ সমীপৰ চেলেকি সংৰক্ষিত বনাঞ্চলত কয়লা খননৰ কেন্দ্ৰীয় চৰকাৰৰ নির্দেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল হোৱা লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি আজি সৰ্বোচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ নির্দেশ প্ৰদান কৰে । অধিবক্তা আবিৰ ফুকনে দাখিল কৰা লেখ আবেদন খনত দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়ে, ন্যায়াধীশ এ এচ বোপান্না আৰু ন্যায়াধীশ হৃষীকেশ ৰয়ে কেন্দ্ৰীয় চৰকাৰক তিনি সপ্তাহৰ ভিতৰত কয়লা খননৰ বিকল্প স্থান সন্ধান কৰি উলিয়াবলৈ নিৰ্দেশ দিয়ে ।
শুনানিৰ সময়ছোৱাত ন্যায়াধীশ ৰয়ে কয় – ‘আমি জানো পৰিৱেশ সংৰক্ষণৰ আমাৰ নির্দেশে অৰ্থনৈতিক ক্ষতি সাধন কৰে কিন্তু পৰিৱেশ সংৰক্ষণ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত এক সন্তুলন থকাটো প্ৰয়োজন ।’
উচ্চতম ন্যায়ালয়ে শুনানিত কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰা Additional Solicitor General বিক্ৰম বেনাৰ্জীক তিনি সপ্তাহৰ ভিতৰত বিকল্প খনন স্থান সন্ধান কৰি ন্যায়ালয়ক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে ।
উল্লেখযোগ্য Coal India Limitedৰ অধীনস্থ North-eastern Coalfieldsক NBWLএ চেলেকি সংৰক্ষিত বনাঞ্চলত কয়লা খনৰৰ অনুমতি প্ৰদান কৰিছিল ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|