• Home
  • »
  • News
  • »
  • nation
  • »
  • অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সম্ভৱ হ’বনে?

অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ সম্ভৱ হ’বনে?

২০০৮ চনত ৰাষ্ট্ৰপতিয়ে উত্তৰ পূৱৰ চাৰি ৰাজ্যত এই কাম পিছুৱাই দিয়াৰ পাছত সংসদে Representation of Peoples Act 1950ত দফা 8A সংযোজন কৰি উত্তৰ পূৱৰ চাৰি ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ দায়িত্ব নিৰ্বাচন আয়োগক অৰ্পণ কৰে । সেয়ে নিৰ্বাচনী আয়োগৰ প্ৰাক্তন আইনী উপদেষ্টা এচ কে মেণ্ডিৰট্টাৰ মতে ৰাষ্ট্ৰপতিৰ এই নিৰ্দেশ অসাংবিধানিক তথা Representation of Peoples Act 1950ৰ পৰিপন্থী । ৰাষ্ট্ৰপতিৰ এই নিৰ্দেশক প্ৰত্যাহ্বান ইতিমধ্যে জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে জমিয়ত উলেমা ই হিন্দ আৰু AIUDF ।

  • Share this:
ক্ৰমবৰ্ধমান জনসংখ্যাৰ লোকসভা আৰু বিধানসভা সমূহত প্ৰকৃত প্ৰতিনিধিত্ব প্ৰদান কৰিবলৈ দেশত সময় সাপেক্ষে সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ আহিছে। এই প্ৰক্ৰিয়াৰ দ্বাৰা লোকসভা আৰু বিধানসভা সমূহৰ ভৌগোলিক পৰিসীমাৰ পৰিবৰ্তন ঘটোৱা হৈছে আৰু আসনৰ সংখ্যাও বৃদ্ধি কৰা হৈছে। উদাহৰণস্বৰূপে অসম বিধানসভাৰ ১৯৫২ চনত আসনৰ সংখ্যা আছিল ১০৮, ১৯৬৭ এই সংখ্যা হয়গৈ ১১৪ আৰু ১৯৭২ চনত হয়গৈ ১২৬ । তেতিয়ালৈ অসমৰ পৰা পৃথক হৈছিল নাগালেণ্ড, মিজোৰাম আৰু মেঘালয় ।

১৯৫১ চনত ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন আয়োগৰ সহযোগত প্ৰথমটো সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছিল । তাৰ পাছত সংসদত গৃহীত হোৱা পুনৰ-নিৰ্ধাৰণ  আয়োগ এক্ট (Delimitation Commission Act)ৰ অধীনত গঠন হোৱা পুনৰ-নিৰ্ধাৰণ আয়োগৰ দ্বাৰা ১৯৫২, ১৯৬৩, ১৯৭১ আৰু ২০০২ চনত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হৈছে । ২০০২ চনত অৱশ্যে সমষ্টিৰ সংখ্যা বৃদ্ধি কৰা হোৱা নাছিল । মাথোঁ সমষ্টি সমূহৰ ভৌগোলিক পৰিসীমাৰ তাৰতম্য ঘটোৱা হৈছিল ।

উল্লেখযোগ্য যে ১৯৮১ চন আৰু ১৯৯১ চনৰ লোকপিয়লৰ আধাৰত পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন হোৱা নাছিল । কাৰণ এই কাৰ্যৰ উদ্দেশ্য আছিল প্ৰতিখন ৰাজ্যৰ জনসংখ্যা আৰু লোকসভাৰ আসনৰ অনুপাত একে ৰখাটো । কিন্তু এই দুটা দশকত উত্তৰ ভাৰতৰ ৰাজ্য সমূহৰ জনসংখ্যাৰ বৃদ্ধি দক্ষিণৰ ৰাজ্যত কৈ  বহু বেছি আছিল । তাৰ কাৰণে ১৯৭৬ চনত সংবিধানত সংশোধনী আনি ২০০১ চনলৈ এই কাম বন্ধ ৰখা হৈছিল । আন এক সংশোধনীৰ জৰিয়তে ২০২৬ চনলৈ সমষ্টিৰ সংখ্যা বৃদ্ধি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।

অন্যহাতেদি ২০০২ চনত সমষ্টি পুনৰ-নিৰ্ধাৰণ এক্ট ২০০২ গৃহীত কৰি কেন্দ্ৰীয় চৰকাৰে প্ৰায় দুই দশকৰ অধিক কালৰ পাছত পুনৰ এই প্ৰক্ৰিয়া সমগ্ৰ ভাৰততে আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । অৱশ্যে ২০২৬ চনলৈ সমষ্টিৰ সংখ্যা বৃদ্ধি নকৰাৰ সিদ্ধান্ত বাহাল ৰখা হয় । ন্যায়াধীশ কুলদ্বীপ সিঙৰ নেতৃত্বত গঠন হোৱা এখন পুনৰ-নিৰ্ধাৰণ আয়োগে ২০০২ চনৰ পৰা কাম আৰম্ভ কৰি ২০০৮ চনত এই কাম সমাপ্ত কৰিছিল ।

কিন্তু সেইবাৰ অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হোৱা নাছিল । এই চাৰি ৰাজ্যৰ দল সংগঠনে বিভিন্ন কাৰণত এই কাম বন্ধ ৰাখিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰো কাষ চাপিছিল । অসমৰ বেলিকা এক সৰ্বদলীয় প্ৰতিনিধিয়ে তদানীন্তন গৃহমন্ত্ৰী শিৱৰাজ পাটিলক সাক্ষাৎ কৰি অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ নোহোৱাৰ কাৰণ দৰ্শাই এই কাম বন্ধ ৰাখিবলৈ দাবী জনাইছিল । সেই মৰ্মে ২০০৮ চনৰ ফেব্ৰুৱাৰী মাহত Delimitation Act 2002ত এক বিশেষ দফা সংযোজন কৰি ৰাষ্ট্ৰপতিৰ এক নিৰ্দেশৰ জৰিয়তে এই চাৰি ৰাজ্যত সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম পিছুৱাই দিয়া হ’ল ।

যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দ-এ ২০০৮ চনৰ ৰাষ্ট্ৰপতিৰ নিৰ্দেশ খাৰিজ কৰি এই চাৰি ৰাজ্যত Delimitation Act 2002ৰ অধীনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ নিৰ্দেশ দিয়ে । অৰ্থাৎ ২০২০ চনত ২০০১ চনৰ লোকপিয়ল অনুসৰি এই কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়া হয় । কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে নৱগঠিত কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰক সাঙুৰি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়ে ।

কিন্তু ২০০৮ চনত ৰাষ্ট্ৰপতিয়ে উত্তৰ পূৱৰ চাৰি ৰাজ্যত এই কাম পিছুৱাই দিয়াৰ পাছত সংসদে Representation of Peoples Act 1950ত দফা 8A সংযোজন কৰি উত্তৰ পূৱৰ চাৰি ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ দায়িত্ব নিৰ্বাচন আয়োগক অৰ্পণ কৰে । সেয়ে নিৰ্বাচনী আয়োগৰ প্ৰাক্তন আইনী উপদেষ্টা এচ কে মেণ্ডিৰট্টাৰ মতে ৰাষ্ট্ৰপতিৰ এই নিৰ্দেশ অসাংবিধানিক তথা Representation of Peoples Act 1950ৰ পৰিপন্থী । ৰাষ্ট্ৰপতিৰ এই নিৰ্দেশক প্ৰত্যাহ্বান ইতিমধ্যে জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে জমিয়ত উলেমা ই হিন্দ আৰু AIUDF । উচ্চতম ন্যায়ালয়ে দুই সংগঠনৰ আৱেদন পৃথকে-পৃথকে গ্ৰহণ কৰি কেন্দ্ৰলৈ জাননী প্ৰেৰণ কৰিছে । কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত কি উত্তৰ দিয়ে সেয়া লক্ষণীয় হ’ব ।
First published:

শেহতীয়া বাতৰি