মুখ্যপৃষ্ঠা »খবৰ »দেশ »‘চৰকাৰী আইন, নিৰ্দেশনা, জাননী সাধাৰণ ৰাইজে বুজি পোৱাকৈ লিখক’- উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে আবেদন

‘চৰকাৰী আইন, নিৰ্দেশনা, জাননী সাধাৰণ ৰাইজে বুজি পোৱাকৈ লিখক’- উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে আবেদন

লেখ আবেদন খনৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়ে-এ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক মতামত দিবলৈ নির্দেশ দিছে

লেখ আবেদন খনৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়ে-এ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক মতামত দিবলৈ নির্দেশ দিছে

  • Share this:
সচৰাঁচৰ সংসদত গৃহীত আইন, চৰকাৰী অধ্যাদেশ, নিৰ্দেশনা, জাননী আদি সাধাৰণ ৰাইজৰ বোধগম্য নহয়। কাৰণ অতি জটিল ভাৱে দাঁত-ভঙা শব্দ ব্যৱহাৰ কৰি দীঘল বাক্যৰ প্ৰয়োগৰে ইংৰাজীত সেই সমূহ লিখা হয়। ফলত অসাধু চক্ৰই ৰাইজক ভুল বিশ্লেষণ আগবঢ়াই বিপথে পৰিচালিত কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে সুভাষ বিজয়াৰণ নামৰ এজন ব্যক্তি। তেওঁ সৰ্বোচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছে ।

লেখ আবেদন খনৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে দেশৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়ে-এ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক মতামত দিবলৈ নির্দেশ দিছে । আবেদনকাৰীয়ে আবেদনৰ যোগেদি আইন মহাবিদ্যালয়ত ‘সাধাৰণ ইংৰাজীত আইনী লিখন’ শীর্ষক এটা বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰো পোষকতা কৰিছে। অধিবক্তা সকলে ন্যায়ালয়ত যাতে দাঁত-ভঙা শব্দৰ ব্যৱহাৰ নকৰি  সাধাৰণ ভাষাত যুক্তি প্ৰদান কৰে এই দিশটো পদক্ষেপ বিচাৰিছে আবেদনকাৰীয়ে।

শেহতীয়া বাতৰি