মোদী–শ্বাহৰ বিৰুদ্ধে অভিযোগ সন্দৰ্ভত ব্যৱস্থা ল’বলৈ নিৰ্দেশ SCৰ

অহা ৬ মে’ৰ ভিতৰত সুস্মিতা দেৱে দাখিল কৰা অভিযোগ সন্দৰ্ভত ব্যৱস্থা লবলৈ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ । 


Updated:May 2, 2019, 5:27 PM IST
মোদী–শ্বাহৰ বিৰুদ্ধে অভিযোগ সন্দৰ্ভত ব্যৱস্থা ল’বলৈ নিৰ্দেশ SCৰ
অহা ৬ মে’ৰ ভিতৰত সুস্মিতা দেৱে দাখিল কৰা অভিযোগ সন্দৰ্ভত ব্যৱস্থা লবলৈ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ । 

Updated: May 2, 2019, 5:27 PM IST
অহা ৬ মে’ৰ ভিতৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শাহৰ বিৰুদ্ধে দাখিল হোৱা অভিযোগ সন্দৰ্ভত ব্যৱস্থা লবলৈ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ।


অসমৰ কংগ্রেছ সাংসদ সুস্মিতা দেৱে নিৰ্বাচনী আয়োগৰ ভূমিকা মোডী- শ্বাহৰ বিৰুদ্ধে দাখিল কৰা গোচৰ পত্ৰৰ সন্দৰ্ভত নিষ্ক্ৰিয় বুলি অভিযোগ কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। পত্ৰত মোদী আৰু শ্বাহে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ অনা হৈছিল ।



দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰে গঠিত বিচাৰপীঠে গ্ৰহণ কৰিছিল শুনানি ।


কংগ্রেছ নেতা তথা জেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে সুস্মিতা দেৱক প্ৰতিনিধিত্ব কৰি ন্যায়ালয়ক কয় যে নিৰ্বাচনী আয়োগে ইমান কেইটা নিৰ্বাচনী পৰ্যায়ৰ অন্ত পৰাৰ পাছতো মাত্ৰ ৪টা  গোচৰতহে ব্যৱস্থা গ্ৰহণ কৰিছে ।
আৰু চাওক পৰৱৰ্তী বাতৰি