SCত পিছুৱালে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ আৱেদনৰ শুনানি

কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱৰ আৱেদন সন্দৰ্ভত নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ কাৰণে অপেক্ষা কৰাৰ নিৰ্দেশ

news18
Updated:April 30, 2019, 4:15 PM IST
SCত পিছুৱালে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ আৱেদনৰ শুনানি
কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱৰ আৱেদন সন্দৰ্ভত নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ কাৰণে অপেক্ষা কৰাৰ নিৰ্দেশ
news18
Updated: April 30, 2019, 4:15 PM IST
নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগত অসমৰ সাংসদ সুস্মিতা দেৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনোৱা আৱেদনৰ শুনানি অহা শুকুৰবাৰলৈ স্থগিত কৰা হৈছে। কংগ্ৰেছ সাংসদ গৰাকীয়ে বিভিন্ন সময়ত দুয়োগৰাকী নেতাই নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ কৰিছিল। ৰাষ্ট্ৰীয় মাধ্যম ইণ্ডিয়া টুডেৰ ৱেবছাইটত প্ৰকাশ পাইছে সৱিশেষ তথ্য।

ইতিমধ্যে উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত এক জাননী প্ৰেৰণ কৰিছে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত দুজনীয়া বিচাৰপীঠে এই আৱেদনৰ শুনানি গ্ৰহণ কৰে আৰু গোচৰীয়া পক্ষক নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ বাবে অপেক্ষা কৰিবলৈ আহ্বান জনায়।

মঙলবাৰে উচ্চতম ন্যায়ালয়ত কংগ্ৰেছ সাংসদ সুস্মিতা দেৱৰ হৈ যুক্তি প্ৰদৰ্শন কৰে কংগ্ৰেছ নেতা তথা অধিবক্তা অভিষেক মনু সিংভীয়ে। সুস্মিতা দেৱে মোদী আৰু অমিত শ্বাহে নিজৰ ভাষণত দেশৰ সুৰক্ষা বাহিনীৰ নাম লৈ ঘৃণা আৰু বিভাজনৰ ৰাজনীতি বিয়পোৱাৰ অভিযোগ কৰিছিল।

উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদনত কোৱা হৈছিল যে বিজেপি নেতাকেইজনে বাৰে বাৰে আপত্তিজনক মন্তব্য কৰা সন্দৰ্ভত কেইবাবাৰো অভিযোগ কৰাৰ পিছতো নিৰ্বাচন আয়োগ নিষ্ক্ৰিয় হৈ আছিল।

 
আৰু চাওক পৰৱৰ্তী বাতৰি