মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ তদন্ত কৰিব SCৰ প্ৰাক্তন ন্যায়াধীশে

এই তদন্তত CBI আৰু IB–এ সহযোগ কৰিব। জানিব পৰা মতে তদন্তৰ পিছত প্ৰতিবেদন বন্ধ খামত লেফাফাত আদালতক দিয়া হ’ব।

news18
Updated:April 25, 2019, 4:40 PM IST
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ তদন্ত কৰিব SCৰ প্ৰাক্তন ন্যায়াধীশে
এই তদন্তত CBI আৰু IB–এ সহযোগ কৰিব। জানিব পৰা মতে তদন্তৰ পিছত প্ৰতিবেদন বন্ধ খামত লেফাফাত আদালতক দিয়া হ’ব।
news18
Updated: April 25, 2019, 4:40 PM IST
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ তদন্ত ঘোষণা কৰিছে আদালতে। আদালতে ইয়াৰ কাৰণে বিশেষ অনুসন্ধানকাৰী দল গঠন কৰিছে। ইয়াৰ নেতৃত্বত থাকিব সৰ্বোচ্ছ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এ কে পাটনায়কে। লগতে এই তদন্তত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাইও তেওঁক সহযোগ আগবঢ়াব।

সৰ্বোচ্ছ ন্যায়ালয়ৰ অধিবক্তা উৎসৱ বেইনছৰ শপতনামা আৰু তথ্য প্ৰমাণ বন্ধ লেফাফাত তদন্তৰ বাবে পূৰ্ব ন্যায়াধীশ পাটনায়কলৈ প্ৰেৰণ কৰা হৈছে। অধিবক্তাগৰাকীয়ে কৰ্পৰেট জগতৰ কেইগৰাকীমান ‘ফিক্সাৰে’ সৰ্বোচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কৰাৰ দাবীৰে শপতনামা দাখিল কৰিছিল। বেইনছৰ দাবী এই ষড়যন্ত্ৰকাৰীসকলে ৰঞ্জন গগৈক যৌন নিৰ্যাতনৰ গোচৰত নিজৰ স্বাৰ্থ সিদ্ধি নোহোৱাৰ কাৰণে ফান্দত পেলাব বিচাৰিছে।
ইয়াৰ পূৰ্বে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আৰু তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কঠোৰ স্থিতি প্ৰকাশ কৰে। সৰ্বোচ্চ ন্যায়ালয়ে উদ্বেগ প্ৰকাশ কৰি কয় বিগত ৩–৪ বছৰৰ পৰা উচ্চতম ন্যায়ালয়ক একেৰাহে টাৰ্গেট কৰি অহা হৈছে  দেশৰ শীৰ্ষ আদালত মুষ্টিমেয় একাংশ প্ৰভাৱশালী আৰু ধনী ব্যক্তিৰ ইচ্ছামতে চলিব নোৱাৰে। ন্যায়াধীশ অৰুণ মিশ্ৰা, ন্যায়াধীশ আৰ এফ নৰিমন আৰু ন্যায়াধীশ দীপক গুপ্তাৰ তিনিজনীয়া বিচাৰপীঠে বৃহস্পতিবাৰে গভীৰ উদ্বেগ প্ৰকাশ কৰি কয়, এনেকুৱা লাগিছে যেন এই সংস্থা এতিয়া শেষ হ’বলৈ গৈ আছে, দেশবাসীয়ে জনা উচিত যে এইসকল আচলতে কোন ব্যক্তি যিসকলে এই ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে ষড়যন্ত্ৰক গোচৰত এক তদন্ত সমিতি গঠন কৰা হ’ব, যিসকলে এই ষড়যন্ত্ৰ কৰিছে তেওঁলোকে হয়তু ধৰিব পৰা নাই যে তেওঁলোকে জুইৰে খেলা কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি