এতিয়া আপুনি ঘৰত বহি অনলাইনত প্ৰী–এপ্ৰুভড পাৰ্চনেল লোন ল’ব পাৰিব। এয়া কেৱল চাৰিটা সাধাৰণ ষ্টেপত হৈ পৰিব। নিজৰ সুবিধা মতে এই লোন 24X7 ল’ব পাৰিব। SBI গ্ৰাহকে YONO এপৰ জৰিয়তে কেৱল চাৰিটা ক্লিকত এয়া ল’ব পাৰিব।
ভাৰতৰ সৰ্ববৃহৎ পাব্লিক চেক্টৰ বেংক SBIএ হাতত লৈছে দুটা ডাঙৰ সিদ্ধান্ত
ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকৰ বাবে সুখবৰ। ভাৰতৰ সৰ্ববৃহৎ পাব্লিক চেক্টৰ বেংক SBIএ হাতত লৈছে দুটা ডাঙৰ সিদ্ধান্ত। বৃহস্পতিবাৰে নিজৰ ৪৪.৫১ কোটি গ্ৰাহকৰ বাবে ভাৰতীয় ষ্টেট বেংকে লৈছে এই দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
এতিয়াৰ পৰা ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকে চেভিংছ একাউণ্টত জিৰ’ বেলেঞ্চৰ সুবিধা লাভ কৰিব। লগতে চেভিংছ একাউণ্টত নূন্যতম ধনৰাশি ৰখাৰ নিৰ্দেশনাও বাতিল কৰিছে বেংক কৰ্তৃপক্ষই। লগতে নূন্যতম বেলেঞ্চ নাথাকিলে যি জৰিমনা বিহা হৈছিল, সেয়াও উঠাই লৈছে বেংকটোৱে।
ফলত এতিয়াৰ পৰা গ্ৰাহকে নিজৰ একাউণ্টত ধন নাথাকিলেও পৰিশোধ কৰিব নালাগে কোনো ধৰণৰ জৰিমনা।
কিন্তু ভাৰতীয় ষ্টেট বেংকে ফিক্সড ডিপ’জিট (FD)ৰ ওপৰত মাহটোৰ ভিতৰত দ্বিতীয়বাৰলৈ সুতৰ হাৰ হ্ৰাস কৰিছে। বেংকে ৪৫দিনৰ সময়সীমাৰ চৰ্ট টাৰ্ম এফডিৰ ওপৰত সুতৰ হাৰ ০.৫০% হ্ৰাস কৰিছে। এই নতুন দৰ ১০মাৰ্চৰ পৰা বলৱৎ হৈছে। নতুন দৰ মতে, ৭ৰ পৰা ৪৫দিনলৈকে এফডিৰ ওপৰত ৪শতাংশ সুত পাব। পূৰ্বে এই সুতৰ হাৰ ৪.৫০শতাংশ আছিল। এবছৰ আৰু ততোধিক সময়সীমাৰ এফডিৰ সুতৰ হাৰ ০.১০শতাংশ হ্ৰাস কৰা হৈছে। পূৰ্বে ইয়াৰ ক্ষেত্ৰত ৬শতাংশ সুত পোৱা গৈছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|