SBIৰ গ্ৰাহকে ৩১ ডিচেম্বৰৰ ভিতৰত কৰক এই কাম, অন্যথা ATMৰ পৰা উলিয়াব নোৱাৰিব টকা

News18 Assam | News18-Assam
Updated:December 1, 2019, 12:16 PM IST
SBIৰ গ্ৰাহকে ৩১ ডিচেম্বৰৰ ভিতৰত কৰক এই কাম, অন্যথা ATMৰ পৰা উলিয়াব নোৱাৰিব টকা
গ্ৰাহকে ইণ্টাৰনেট বেংকিঙৰ যোগেদিও এই কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে।

গ্ৰাহকে ইণ্টাৰনেট বেংকিঙৰ যোগেদিও এই কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে।

  • Share this:
ভাৰতীয় ষ্টেট বেংকত যদি আপোনাৰ ছেভিংছ একাউণ্ট আছে, তেন্তে আপোনাৰ বাবে এই প্ৰতিবেদন অত্যন্ত গুৰুত্বপূৰ্ণ। ৩১ ডিচেম্বৰৰ ভিতৰত এইখিনি কাম নকৰিলে আপুনি ATMৰ পৰা উলিয়াব নোৱাৰিব ধন। আচলতে SBI–এ নিজৰ গ্ৰাহকসকলক মেগনেটিক ষ্ট্ৰিপযুক্ত ডেবিট কাৰ্ডক EMV চিপযুক্ত ডেবিট কাৰ্ডলৈ পৰিৱৰ্তন কৰিছে।

যদি আপুনি এতিয়ালৈ মেগনেটিক ষ্ট্ৰিপযুক্ত ডেবিট কাৰ্ড সলনি কৰা নাই তেন্তে এতিয়াও সময় আছে। আপুনি হোম ব্ৰাঞ্চলৈ গৈ ৩১ ডিচেম্বৰৰ ভিতৰত এই কাম কৰিব পাৰে। যদি এই কাম নকৰে তেন্তে আপোনাৰ ডেবিট কাৰ্ডখন অচল হৈ পৰিব। ATMৰ পৰা ধন উলিয়াব নোৱাৰিব আপুনি।

বেংকে টুইটযোগে প্ৰকাশ কৰিছে যে যিসকলকৰ গ্ৰাহকৰ ওচৰত পুৰণি মেগনেটিক ডেবিট কাৰ্ড আছে, শীঘ্ৰে সলনি কৰিব লাগিব। ইয়াৰ সলনি গ্ৰাহকে EMV চিপযুক্ত ডেবিট কাৰ্ড ল’ব লাগিব। ইয়াৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ ২০১৯। কোনো অতিৰিক্ত মাচুল নালাগে নতুন ডেবিট কাৰ্ডৰ বাবে।


ৰিজাৰ্ভ বেংকৰ মতে, মেগনেটিক ষ্ট্ৰিপযুক্ত ডেবিট কাৰ্ডৰ প্ৰযুক্তি এতিয়া পুৰণি হৈছে। এই কাৰ্ডৰ প্ৰস্তুত কৰা ইতিমধ্যে বন্ধ কৰা হৈছে। কিয়নো এই কাৰ্ডখন সম্পূৰ্ণৰূপে সুৰক্ষিত নাছিল। যাৰ বাবে বন্ধ কৰি দিয়া হৈছে এই কাৰ্ডখন। এতিয়া ইয়াৰ সলনি EMV চিপযুক্ত কাৰ্য প্ৰস্তুত কৰা হৈছে। সকলো পুৰণি কাৰ্ড নতুন EMV কাৰ্ডলৈ পৰিৱৰ্তন কৰা হ’ব।

গ্ৰাহকে ইণ্টাৰনেট বেংকিঙৰ যোগেদিও এই কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে। ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰি গ্ৰাহকে বেংকৰ অফিচিয়েল ৱেবছাইটত লগইন কৰি ই–ছাৰ্ভিচেজ টেবত ATM কাৰ্ড ছাৰ্ভিচত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত দিয়া নিৰ্দেশনা অনুযায়ী সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি