এছবিআইৰ সেৱাৰ ব্যাপক সালসলনি হ’বলৈ গৈ আছে। নিজৰ বহুকেইটা সেৱাৰ চাৰ্ভিছ চাৰ্জৰ পৰিৱৰ্তন কৰিব SBI-এ। গ্ৰাহকক মিনিমাম বেলেন্সৰ ঝামেলাৰ পৰা ৰেহাই দিবলৈ বিচাৰিছে দেশৰ সৰ্ববৃহৎ বেংকটোৱে। এই আঁচনিৰ অধীনত বেংক একাউণ্টত মাহে এভাৰেজ বেলেন্স নৰখাৰ ক্ষেত্ৰত লাগিবলগীয়া চাৰ্জ প্ৰায় ৮০শতাংশলৈ কমিব। ইয়াৰ লগতে NEFT আৰু RTGSৰ দৰে ডিজিটেল মোডৰ লেন দেনত ট্ৰানজেকশ্যন সস্তা হৈ পৰিব। ইংৰাজী ৱেবছাইট ফাইনেনচিয়েল এক্সপ্ৰেছৰ মতে SBIৰ নতুন চাৰ্ভিছ চাৰ্জ ১ অক্টোবৰ, ২০১৯ৰ পৰা বলৱৎ হ’ব।
মিনিমাম মান্থলী বেলেন্স নাৰাখিলে লগোৱা পেণাল্টি –মেট্ৰ’ চহৰ, পূৰ্ণ চহৰ এলেকাত বৰ্তমান এছবিআইৰ একাউণ্ট খোলা গ্ৰাহকে ৫০০০টকা আৰু ৩০০০ টকা মিনিমাম মান্থলী বেলেন্স ৰখাটো জৰুৰী।
–১ অক্টোবৰৰ পৰা এই বেলেন্স কমি দুয়োধৰণৰ স্থানৰ কাৰণে ৩০০০টকা হ’ব পাৰে। লগতে যদিহে মাহে মিনিমাম বেলেন্স ৩০০০টকাতকৈ ৭৫শতাংশৰ অধিক কম হ’লে পেণাল্টি ১৫টকা+জিএছটি লাগিব পাৰে। বৰ্তমান এই পেণাল্টি ৮০টকা+জিএছটি।
NEFT/ RTGS চাৰ্জ–SBI ডিজিটেল মোডৰ সহায়ত কৰা NEFT আৰু RTGSৰ ট্ৰানজেকশ্যন বিনামূলীয়া কৰা হৈছে। যোৱা এক জুলাইৰ পৰা এই নিয়ম বলৱৎ হৈছে। একেধৰণে এছবিআই ব্ৰান্সত NEFT/ RTGSৰ চাৰ্জো কম কৰা হৈছে। ১ অক্টোবৰৰ পৰা ১০হাজাৰ টকালৈ NEFT/RTGSৰ লেন–দেনত কোনো ধৰণৰ চাৰ্জ নালাগে।
ATM চাৰ্জৰ সলনিSBIৰ এটিএম চাৰ্জো ১ অক্টোবৰৰ পৰা সলনি হ’ব। মেট্ৰ’ চহৰত এছবিআই এটিএমৰ পৰা সৰ্বাধিক ১০বাৰ ডেবিট কাৰ্ড ট্ৰানজেকশ্যন বিনামূলীয়াকৈ কৰিব পাৰিব। আনহাতে অন্য ঠাইত এটিএমৰ পৰা সৰ্বাধিক ১২বাৰ টকা উলিওৱা বিনামূলীয়া হ’ব।
চেকবুকত লাগিব ইমান চাৰ্জচেভিংছ বেংক একাউণ্ট ধাৰীসকলে এটা বিত্তীয় বৰ্ষত প্ৰথম ১০খন চেক বিনামূলীয়াকৈ পাব। ইয়াৰ পিছত ১০খন চেকপাত থকা বুক ৪০টকা+জিএছটি আৰু ২৫খন চেকপাত থকা বুক ৭৫টকা+জিএছটি হ’ব। ছিনিয়ৰ চিটিজেন আৰু দৰমহা একাউণ্টৰ কাৰণে চেক ফ্ৰী হ’ব।
Published by: Tulika Devi
FIRST PUBLISHED : September 11, 2019, 11:48 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।