আপোনাৰ SBI একাউণ্ট আন শাখালৈ ট্ৰেন্সফাৰ কৰিব বিচাৰিছে নেকি? ঘৰতে বহি কেনেকৈ কৰিব এই কাম?

SBIত অনলাইন বেংক একাউণ্ট ট্ৰান্সফাৰৰ বাবে প্ৰথমে কিছু প্ৰয়োজনী কথা জানি লোৱা উচিত।

News18-Assam
Updated:November 6, 2019, 9:05 AM IST
আপোনাৰ SBI একাউণ্ট আন শাখালৈ ট্ৰেন্সফাৰ কৰিব বিচাৰিছে নেকি? ঘৰতে বহি কেনেকৈ কৰিব এই কাম?
SBIত অনলাইন বেংক একাউণ্ট ট্ৰান্সফাৰৰ বাবে প্ৰথমে কিছু প্ৰয়োজনী কথা জানি লোৱা উচিত।
News18-Assam
Updated: November 6, 2019, 9:05 AM IST
যদি আপোনাৰ SBIত একাউণ্ট আছে তেন্তে এই খবৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ। কিয়নো SBIত একাউণ্ট থকাসকলে অনলাইনযোগে এটা শাখাৰ পৰা আন শাখালৈ নিজৰ একাউণ্ট স্থানান্তৰ কৰিব পাৰে। ভাৰাঘৰ আৰু চাকৰিৰ স্থান সলনিৰ বাবে আজিকালি ঘৰৰ ঠিকনা শীঘ্ৰে সলনি হৈ থাকে। সেইবাবেই বেংকে অনলাইন বেংক ট্ৰেন্সফাৰৰ সুবিধা প্ৰদান কৰিছে। এতিয়া যদি আপোনাৰ একাউণ্ট SBIত আছে তেন্তে আপুনি ঘৰতে বহি এই কাম মিনিটতে কৰিব পাৰিব। SBI অনলাইনযোগে ব্ৰাঞ্চ সলনিৰ সুবিধা প্ৰদান কৰিছে।

SBIত অনলাইন বেংক একাউণ্ট ট্ৰান্সফাৰৰ বাবে প্ৰথমে কিছু প্ৰয়োজনী কথা জানি লোৱা উচিত। এই সুবিধা সেইসকল লোকেহে পাব, যিসকলৰ একাউণ্টৰ KYC আপডেটেড হৈ আছে। ইয়াৰ উপৰি, বেংকৰ শাখাত আপোনাৰ মোবাইল নম্বৰ পঞ্জীয়ন হৈ থাকিলেহে এই অনলাইন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব।

কেনেকৈ কৰিব এই কাম?

>> প্ৰথমে নেট বেংকিং লগইন কৰক। আপোনাৰ একাউণ্টৰ হোম পেজৰ ‘ই–ছাৰ্ভিচ’ বুটামত ক্লিক কৰক। ‘ই–ছাৰ্ভিচেজ’ ছেকচনৰ বাওঁফালে ‘ছেভিংছ একাউণ্টৰ স্থানান্তৰ’ৰ অপচন দেখিব। এই অপচনত ক্লিক কৰিলে স্ক্ৰীণত SBIত উপলব্ধ একাউণ্ট দেখা যাব। আপুনি যিটো একাউণ্ট আন শাখালৈ ট্ৰেন্সফাৰ কৰিব বিচাৰে, সেয়া নিৰ্বাচন কৰক। তাৰ পিছত SBIৰ আন শাখাৰ ব্ৰাঞ্চ কোড দিয়ক।

>> তাৰ পিছত ‘গেট ব্ৰাঞ্চ নেম’ টেবত ক্লিক কৰক। ইয়াৰ পিছত শাখাৰ নাম, সেই শাখাৰ কোডৰ তলত দিয়া বক্সত দেখা যাব। এই কোড তাৰ পৰা বাচনি কৰক, যদি আপুনি আগৰে পৰাই শাখাৰ কোড জানে তেন্তে সেয়া পূৰণ কৰক। ‘নিয়ম আৰু চৰ্ত’ পঢ়াৰ পিছত ‘একচেপ্ট’ত ক্লিক কৰি ছাবমিট কৰক।

>> ছাবমিটৰ বুটামত ক্লিক কৰিলে আপুনি নতুন শাখাৰ নাম আৰু কোড দেখিব। য’ত আপোনাৰ নিজৰ একাউণ্ট ট্ৰেন্সফাৰ কৰিব বিচাৰিছে। সম্পূৰ্ণ তথ্য পৰীক্ষা কৰি কনফাৰ্ম বুটামত ক্লিক কৰক।

>> ইয়াৰ পিছত আপোনাৰ পঞ্জীকৃত মোবাইল নম্বৰত OTP আহিব, সেই OTP বহুৱাওক। যেতিয়া আপুনি ‘কনফাৰ্ম’ত ক্লিক কৰিব, তেতিয়া এটা নতুন পেজ খোল খাব।

>> এই পেজত ট্ৰেন্সফাৰ কনফাৰ্মেচন মেছেজ, আপোনাৰ বৰ্তমানৰ শাখাৰ আৰু ট্ৰেন্সফাৰ কৰিব বিচৰা শাখাৰ বিৱৰণ থাকিব।

কিছুদিনৰ ভিতৰতে সলনি হ’ব শাখা
এই সকলোখিনি কৰাৰ পিছতে SBIত অনলাইন বেংক একাউণ্ট ট্ৰেন্সফাৰৰ প্ৰক্ৰিয়া আপোনাৰ ফালৰ পৰা সম্পূৰ্ণ হৈ যাব। ইয়াৰ পিছত এসপ্তাহৰ ভিতৰত এই নতুন শাখালৈ স্থানান্তৰ হ’ব আপোনাৰ একাউণ্ট।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি