SBIৰ গ্ৰাহকক উপহাৰ! ১ অক্টোবৰৰ পৰা ৮.১৫% দৰত লাভ কৰিব হোম লোন

দেশৰ সৰ্ববৃহৎ বেংক SBI–এ ১ অক্টোবৰৰ পৰা External Benchmark Lending Rate systemৰ অধীনত ৮.১৫শতাংশ সুতৰ হাৰত হোম লোন দিব। 

News18-Assam
Updated:September 30, 2019, 3:32 PM IST
SBIৰ গ্ৰাহকক উপহাৰ! ১ অক্টোবৰৰ পৰা ৮.১৫% দৰত লাভ কৰিব হোম লোন
দেশৰ সৰ্ববৃহৎ বেংক SBI–এ ১ অক্টোবৰৰ পৰা External Benchmark Lending Rate systemৰ অধীনত ৮.১৫শতাংশ সুতৰ হাৰত হোম লোন দিব। 
News18-Assam
Updated: September 30, 2019, 3:32 PM IST
যদিহে আপুনি ঘৰ কিনাৰ পৰিকল্পনা কৰি আছে তেনেহ’লে এই খবৰ আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ। দেশৰ আটাইতকৈ বৃহৎ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই ১ অক্টোবৰ, ২০১৯ৰ পৰা এক্সটৰ্নেল বেঞ্চমাৰ্ক লেণ্ডিং ৰেট চিষ্টেমৰ অধীনত ৮.১৫শতাংশ সুতৰ হাৰত হোম লোন প্ৰদান কৰিব। উল্লেখযোগ্য যে SBI–এ এমএছএমই (MSME), হাউছিং আৰু ৰিটেল লোনৰ সকলো ফ্লটিং ৰেট লোনক এক্সটাৰ্নেল বেঞ্চমাৰ্ক ৰেপ’ ৰেটৰ সৈতে জৰিত কৰাৰ সিদ্ধান্ত লৈছে।

উৎসৱৰ বতৰত SBIৰ বিশেষ অফাৰ

উৎসৱৰ বতৰত এছবিআই–এ নিজৰ গ্ৰাহকক অগণন উপহাৰ প্ৰদান কৰিছে। SBIৰ হোম লোনৰ লগতে কাৰ লোন আৰু পাৰ্চনেল লোনৰ ক্ষেত্ৰতো অফাৰ প্ৰদান কৰিছে। এফালে এছবিআই–এ কম সুতত গ্ৰাহকক হোম লোন দি আছে আনহাতে বেংকে নিজৰ ম’বাইল এপ Yonoৰ জৰিয়তে কাৰ লোন কম সুতৰ হাৰ, জিৰ’ প্ৰচেচিং ফীজ আৰু অন্যান্য ৰেহাইও প্ৰদান কৰিছে। ইয়াৰ লগতে বেংকে পাৰ্চনেল লোনৰ ওপৰত আটাইতকৈ কম সুতৰ হাৰ আৰু প্ৰচেচিং ফীজৰ ওপৰত ৫০শতাংশ ডিচকাউণ্ট প্ৰদান কৰি আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি