SBIৰ পৰা লোন লোৱা গ্ৰাহকৰ কাৰণে সুখবৰ! কাইলৈৰ পৰা বেংকে আগবঢ়াব এই ৰেহাই

সস্তা হ’ব হোম–অট’, পাৰ্চনেল লোনৰ মাহেকীয়া EMI।

News18-Assam
Updated:October 9, 2019, 4:55 PM IST
SBIৰ পৰা লোন লোৱা গ্ৰাহকৰ কাৰণে সুখবৰ! কাইলৈৰ পৰা বেংকে আগবঢ়াব এই ৰেহাই
সস্তা হ’ব হোম–অট’, পাৰ্চনেল লোনৰ মাহেকীয়া EMI।
News18-Assam
Updated: October 9, 2019, 4:55 PM IST
দেশৰ সকলোতকৈ ডাঙৰ চৰকাৰী বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই দীপাৱলীৰ পূৰ্বে গ্ৰাহকৰ কাৰণে আগবঢ়াইছে আন এক উপহাৰ। SBI–এ ১০ অক্টোবৰৰ পৰা MCLRৰ হাৰ ০.১০শতাংশলৈ হ্ৰাস কৰিছে। এতিয়া যদিহে আপুনি হোম–অট’ আৰু পাৰ্চনেল লোন লোৱাৰ কথা চিন্তা কৰে তেনেহ’লে আপোনাৰ কাৰণে সুখবৰ। আনহাতে আপুনি যদিহে বেংকৰ বৰ্তমানৰ গ্ৰাহক তেতিয়াও আপুনি এই হ্ৰাস পোৱা হাৰৰ সুবিধা লাভ কৰিব। উল্লেখযোগ্য যে RBI–এ সুতৰ হাৰ (Repo Rate Cut) ০.২৫ শতাংশ হ্ৰাস কৰাৰ ঘোষণা কৰিছিল। ৰেপ’ ৰেট ০.২৫শতাংশ হ্ৰাস হৈ ৫.১৫শতাংশলৈ নামিল। ইয়াৰ পিছতে ষ্টেট বেংক অৱ ইণ্ডিয়াই উৎসৱৰ বতৰত সকলো গ্ৰাহকক সুবিধা প্ৰদান কৰি বেংকৰ সকলো অৱধিৰ কাৰণে MCLRহাৰ ০.১০শতাংশ হ্ৰাস কৰিছে। এতিয়া এবছৰৰ কাৰণে MCLRৰ হাৰ ৮.১৫শতাংশৰ পৰা ৮.০৫শতাংশলৈ হ্ৰাস পাইছে। বেংকে এই পৰ্যন্ত বিত্তীয় বৰ্ষত একেৰাহে ষষ্ঠবাৰলৈ সুতৰ হাৰ হ্ৰাস কৰিছে। অৰ্থাৎ এতিয়া প্ৰতিমাহে EMI ০.১০শতাংশ সস্তা হ’ব। উল্লেখযোগ্য যে বেংকে MCLR বৃদ্ধি অথবা হ্ৰাস কৰাৰ প্ৰভাৱ নতুনকৈ লোন লোৱাৰ লগতে এপ্ৰিল ২০১৯ৰ পিছত লোন লৈছে।

ফাইল ফটো
আৰু চাওক পৰৱৰ্তী বাতৰি