ডাঙৰ খবৰ!বিল্ডাৰে সময়ত ঘৰ চমজাই নিদিলে SBI–এ ধন ঘুৰাই দিব!

News18 Assam | News18-Assam
Updated:January 10, 2020, 6:20 PM IST
ডাঙৰ খবৰ!বিল্ডাৰে সময়ত ঘৰ চমজাই নিদিলে SBI–এ ধন ঘুৰাই দিব!
মন্থৰ গতিৰে আগবঢ়া ৰিয়েল ইষ্টেট চেক্টৰক সঠিক পথলৈ আনিবলৈ দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক ভাৰতীয় ষ্টেট বেংক(SBI)–এ এক বিশেষ আঁচনি আৰম্ভ কৰিছে। গ্ৰাহকে ইয়াৰ পৰা প্ৰত্যক্ষভাৱে লাভান্বিত হ’ব। 

মন্থৰ গতিৰে আগবঢ়া ৰিয়েল ইষ্টেট চেক্টৰক সঠিক পথলৈ আনিবলৈ দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংক ভাৰতীয় ষ্টেট বেংক(SBI)–এ এক বিশেষ আঁচনি আৰম্ভ কৰিছে। গ্ৰাহকে ইয়াৰ পৰা প্ৰত্যক্ষভাৱে লাভান্বিত হ’ব। 

  • Share this:
SBIৰ এই আঁচনি অনুসৰি ঘৰ ক্ৰয় কৰোতাসকলে নিৰ্ধাৰিত সময়ৰ ভিতৰত পজেশ্যন লাভ নকৰিলে বেংক গ্ৰাহকক সম্পূৰ্ণ প্ৰিন্সিপাল এমাউণ্ট ঘুৰাই দিয়া হ’ব। এই ৰিফাণ্ড আঁচনি তেতিয়ালৈকে মান্য হ’ব যেতিয়ালৈকে বিল্ডাৰে অকুপেশ্যন চাৰ্টিফিকেট (অচি) লাভ নকৰে।

পজেশ্যন লাভ নকৰাৰ কাৰণে আৱদ্ধ হৈ থকা লোকে পাব সুবিধা

–ৰেচিডেনশ্যিয়েল বিল্ডাৰ ফাইনেন্স উইড বায়াৰ স্কীম নামৰ এই আঁচনিৰ অধীনত সৰ্বাধিক ২.৫কোটি টকা মূল্যৰ ঘৰৰ কাৰণে হোম লোন লাভ কৰিব পাৰে। ইয়াত বেংকৰ চৰ্ত পালন কৰিবলগীয়া বিল্ডাৰেও ৫০কোটিৰ পৰা ৪০০কোটি টকালৈকে হোম লোন লাভ কৰিব পাৰিব। এছবিআইৰ চেয়াৰমেন ৰজনীশ কুমাৰে কোৱা মতে, যি আঁচনি আমি আৰম্ভ কৰিছো তাৰ ৰিয়েল ইষ্টেট চেক্টৰৰ লগতে ঘৰ ক্ৰয় কৰোতাসকলৰ ওপৰতো ডাঙৰ প্ৰভাৱ পৰিব। যিসকলে দোকানৰ পজেশ্যন লাভ নকৰাৰ কাৰণে অশান্তিত ভুগি আছে তেওঁলোকৰ কাৰণে এয়া ডাঙৰ সকাহ। তেওঁ কয় যে, ৰিয়েল ইষ্টেট ৰেগুলেশ্যন এণ্ড ডেভলপমেণ্ট এক্ট (RERA), সামগ্ৰী তথা সেৱা কৰ (GST)ৰ নিয়মৰ যথেষ্ট সালসলনিৰ লগতে নোটবন্দীৰ পিছত আমি অনুভৱ কৰিলো যে এয়া হোমবায়াৰ্ছসকলক ঘৰ সময়ত দিওৱাৰ কাৰণে এইটো সুন্দৰ উপায়। এই আঁচনিৰ প্ৰথম পৰ্যায় অনুসৰি মুম্বাইক চানটেক ডেভলপাৰ্ছৰ সৈতে তিনিটা প্ৰজেক্টৰ কাৰণে এক বুজাবুজি কৰা হৈছে। এই প্ৰজেক্ট মুম্বাই মেট্ৰ’পলিটান ৰিজনত হ’ব।

এনেধৰণে এই আঁচনিয়ে কাম কৰিব

ৰজনীশ কুমাৰে বুজোৱা মতে, কোনো ক্ৰেতাই যদি ২কোটি টকাৰ ফ্লেট বুক কৰিছে আৰু ১কোটি টকা আদায় দিছে আৰু এনেকুৱাত প্ৰজেক্ট যদি লাগি ধৰে তেনেহ’লে আমি ক্ৰেতাৰ ১কোটি টকা ৰিফাণ্ড কৰি দিম। গাৰাণ্টীৰ অৱধি অচিৰ সৈতে সংযুক্ত হৈ থাকিব। এই গাৰাণ্টী ৰেৰা পঞ্জীয়নভুক্ত নিৰ্মানৰ ক্ষেত্ৰতহে লাভ কৰিব। ৰেৰাৰ সময় সীমা পাৰ হোৱাৰ পিছত প্ৰজেক্ট লাগি ধৰা বুলি মানি লোৱা হ’ব। ৰিয়েল ইষ্টেট চেক্টৰক গতি দিবলৈ যথেষ্ট প্ৰয়াস কৰা হৈছে। কেন্দ্ৰ চৰকাৰে অসমাপ্ত প্ৰজেক্টৰ ডেভলপাৰ্ছ সকলক সকাহ দিবলৈ ২৫,০০০কোটি টকাৰ অল্টাৰনেটিভ ফাণ্ড গঠন কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি