SBIৰ গ্ৰাহকৰ বাবে সুখবৰ, এতিয়া ATMলৈ যোৱাৰ প্ৰয়োজন নাই, গেলামালৰ দোকানতে উলিয়াব পাৰিব ধন

News18-Assam
Updated:November 19, 2019, 12:13 PM IST
SBIৰ গ্ৰাহকৰ বাবে সুখবৰ, এতিয়া ATMলৈ যোৱাৰ প্ৰয়োজন নাই, গেলামালৰ দোকানতে উলিয়াব পাৰিব ধন
এই সুবিধা কেৱল SBIৰ ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড থকাসকলৰ বাবেহে। আহত জানো এই বিষয়ে।

এই সুবিধা কেৱল SBIৰ ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড থকাসকলৰ বাবেহে। আহত জানো এই বিষয়ে।

  • News18 Assam
  • Last Updated: November 19, 2019, 12:13 PM IST
  • Share this:
বহু অঞ্চলত সৰ্বসাধাৰণ লোকে ATMৰ পৰা পইচা উলিয়াবলৈ বহু দূৰলৈ যাবলগীয়া হয়। ইয়াৰ কাৰণ হৈছে ATMৰ অভাৱ। কিন্তু এতিয়া আপুনি ওচৰৰ গেলামালৰ দোকানৰ পৰাই আপোনাৰ প্ৰয়োজনীয় ধন উলিয়াব পাৰিব। এই সুবিধা কেৱল SBIৰ ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড থকাসকলৰ বাবেহে। আহত জানো এই বিষয়ে।

>> এই সুবিধা ভাৰতীয় ষ্টেট বেংকৰ প্ৰিপেইড কাৰ্ড থকাসকলে SBI পইণ্ট অৱ ছেল টাৰ্মিনেলত লাভ কৰিব।

>> ইয়াৰ জৰিয়তে আপুনি ন্যূনতম ১০০ টকা আৰু সৰ্বাধিক ১০০০ টকা প্ৰতিদিনে উলিয়াব পাৰিব। ইয়াৰ বাবে দোকানীক কোনো চাৰ্জ দিব নালাগে।

>> ইয়াৰ বাবে ট্ৰানজেকশ্যনৰ ১ শতাংশ ধন চাৰ্জ হিচাপে লোৱা হ’ব। SBIৰ নিয়ম অনুসৰি, এয়া ন্যূনতম ৭.৫০ টকা আৰু সৰ্বাধিক ১০ টকা হ’ব।

>> যদি আপুনি দোকানীৰ পৰা কোনো সামগ্ৰী নিকিনে তথাপিও আপুনি পইণ্ট অব ছেলৰ সহায়ত টকা উলিয়াব পাৰিব।

>> ইয়াৰ জৰিয়তে দোকানীয়ে প্ৰতিদিনে বেংকত ধন জমা কৰিব নালাগে, সময়ো ৰাহি হ’ব।

>> ইয়াৰ বাবে অধিক জানিবলৈ SBIৰ অফিচিয়েল ৱেবছাইট চাব পাৰে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ৰিজাৰ্ভ বেংকে দেশত ATMৰ সংখ্যা হ্ৰাস পোৱালৈ লক্ষ্য ৰাখি এখন সমিতি গঠন কৰিছিল। এই সমিতিয়ে সৰু চহৰ বা গাঁও অঞ্চলত দোকানীৰ জৰিয়তে ধন যোগানৰ পৰামৰ্শ দিছিল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি