মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»বেংক গ্ৰাহকলৈ ষ্টেট বেংকৰ উপহাৰ!

বেংক গ্ৰাহকলৈ ষ্টেট বেংকৰ উপহাৰ!

News18-Assam
Updated:August 20, 2019, 1:16 PM IST
বেংক গ্ৰাহকলৈ ষ্টেট বেংকৰ উপহাৰ!
SBI–এ টুইট কৰি জনাইছে যে লোনৰ কাৰণে নিজৰ যোগ্যতা SMSৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ কাৰণে নিজৰ ৰেজিষ্টাৰ্ড ম’বাইল নম্বৰৰ পৰা PAPL টো 567676 লৈ এছএমএছ কৰিব লাগিব। পূৰ্ব নিৰ্ধাৰিত কেতবোৰ মাপকাঠিৰ ভিত্তিত বেংকে গ্ৰাহকক লোন প্ৰদান কৰি আছে। 

যদিহে আপুনি গাড়ী ক্ৰয় কৰিবলৈ অট’ লোণ লয় তেন্তে প্ৰছেছিং ফিজৰ আপুনি ভৰিব নালাগে কোনোধৰণৰ চাৰ্জ

  • Share this:
গ্ৰাহকলৈ এক ডাঙৰ উপহাৰ দিছে দেশৰ সৰ্ববৃহৎ বেংক ষ্টেট বেংক অব ইণ্ডিয়াই। কাৰ লোণৰ পৰা আঁতৰাই দিছে প্ৰছেছিং ফিজ। অৰ্থাৎ যদিহে আপুনি গাড়ী ক্ৰয় কৰিবলৈ অট’ লোণ লয় তেন্তে প্ৰছেছিং ফিজৰ আপুনি ভৰিব নালাগে কোনোধৰণৰ চাৰ্জ। লগতে পাৰ্ছনেল লোণ আৰু এডুকেচন লোণ লৈ ঘূৰাই দিয়াৰ সময়সীমাও বৃদ্ধি কৰিছে বেংকটোৱে। এতিয়াৰে পৰা ৬ বছৰৰ বাবে পাৰ্ছনেল লোণ ল’ব পাৰিব আপুনি। আনহাতে ইয়াৰ জৰিয়তে ঋণৰ ই এম আইৰ বোজাৰ ক্ষেত্ৰত সাধাৰণ জনতাই পাব কিছু সকাহ।

SBI কৰ্তৃপক্ষই জাৰি কৰা তথ্য অনুসৰি উত্সৱৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি অট’ লোণৰ পৰা নোহোৱা কৰিছে প্ৰছেছিং ফিজ। শেহতীয়াকৈ ৮.৭০ শতাংশ সুদত অট’ লোণ দি আহিছে বেংক কৰ্তৃপক্ষই। আনহাতে অট’ লোণ অনলাইন, ডিজিটেল প্লেটফৰ্ম YONO বা বেংকৰ ৱেবছাইটৰ জৰিয়তে আৱেদন কৰে তেন্তে ০.২৫ শতাংশ ৰেহাই পাব আপুনি।
Published by: Sanjay Kumar Das
First published: August 20, 2019, 1:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি