• Home
  • »
  • News
  • »
  • nation
  • »
  • অচিৰে অচল হৈ পৰিব আপোনাৰ ATM কাৰ্ড!

অচিৰে অচল হৈ পৰিব আপোনাৰ ATM কাৰ্ড!

অচিৰে অতীত হ’ব পাৰে ডেবিট কাৰ্ড। ইয়াৰ পৰিৱৰ্তে ডিজিটেল পেমেণ্ট ছিষ্টেম আনিবৰ বাবে কাম কৰি আছে দেশৰ সৰ্ববৃহৎ বেংকটোৱে

  • Share this:
    যদিহে ষ্টেট বেংক অব ইণ্ডিয়াই লোৱা পদক্ষেপত সফল হয় তেন্তে অচিৰে অতীত হ’ব ডেবিট কাৰ্ড। ইয়াৰ পৰিৱৰ্তে ডিজিটেল পেমেণ্ট ছিষ্টেম আনিবৰ বাবে কাম কৰি আছে দেশৰ সৰ্ববৃহৎ বেংকটোৱে।

    এক অনুষ্ঠানত অংশ লৈ ষ্টেট বেংকৰ অধ্যক্ষ ৰজনীশ কুমাৰে কয় যে ডেবিট কাৰ্ডৰ প্ৰচলনৰ পৰা বাহৰ কৰিবলৈ পৰিকল্পনা চলিছে আৰু ইয়াক লৈ আশ্বস্ত যে এই অভিযানত সফল হ’ম আমি। ৯০ কোটি ডেবিট কাৰ্ড আৰু ৩ কোটি ক্ৰেডিট কাৰ্ড আছে দেশত।

    ৰজনীশ কুমাৰ আৰু কয় যে YONOৰ জৰিয়তে এ টি এমৰ পৰা ধন উলিয়াই দোকানৰ পৰা ক্ৰয় কৰিব পাৰিব সামগ্ৰী। ইতিপূৰ্বেই ৬৮,০০০ YONO কেছপইণ্ট স্থাপন হৈছে আৰু অহা ১৮ মাহৰ ভিতৰত ইয়াক ১০ লাখপৰ্যন্ত কৰাৰ পৰিকল্পনা।

    উল্লেখ্য যে এই বৰ্ষৰে মাৰ্চ মাহত YONO CASH সেৱাৰ আৰম্ভণি কৰিছিল ষ্টেট বেংকে। যাৰ ফলত ডেবিট কাৰ্ড নোহোৱাকৈ টকা উলিয়াব পাৰে গ্ৰাহকে। অতি সহজ–সৰল হোৱাৰ লগতে এই সেৱা সুৰক্ষিতও। প্ৰাৰম্ভণিতে ১৬,৫০০ এ টি এমত উপলব্ধ আছিল এই সেৱা আৰু এই সেৱা সকলোৰে সুবিধা হোৱাকৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে বেংকে।
    Published by:Sanjay Kumar Das
    First published:

    শেহতীয়া বাতৰি