অবৈধ প্ৰব্ৰজন পৰা সাৱধান, অন্যথা দ্বিতীয় অসম-ত্ৰিপুৰা হ'ব নগাভূমি; নগা ৰাইজলৈ আহ্বান NSCN-Kৰ

“অবৈধ প্ৰবৰ্জনকাৰীৰ পৰা সাৱধান ৷  অসমত কি হৈছে দেখিছেই নহয়। ত্ৰিপুৰাৰ কথাটো ক'বই নালাগে!’‘

News18-Assam
Updated:September 6, 2019, 9:02 PM IST
অবৈধ প্ৰব্ৰজন পৰা সাৱধান, অন্যথা দ্বিতীয় অসম-ত্ৰিপুৰা হ'ব নগাভূমি; নগা ৰাইজলৈ আহ্বান NSCN-Kৰ
“অবৈধ প্ৰবৰ্জনকাৰীৰ পৰা সাৱধান ৷  অসমত কি হৈছে দেখিছেই নহয়। ত্ৰিপুৰাৰ কথাটো ক'বই নালাগে!’‘
News18-Assam
Updated: September 6, 2019, 9:02 PM IST
বিজু কুমাৰ ডেকা: “অবৈধ প্ৰবৰ্জনকাৰীৰ পৰা সাৱধান ৷  অসমত কি হৈছে দেখিছেই নহয়। ত্ৰিপুৰাৰ কথাটো ক'বই নালাগে ৷ আপোনালোক সাৱধান নহ'লে আমাৰ নগাভূমি দ্বিতীয় অসম বা দ্বিতীয় ত্ৰিপুৰা হ'বলৈ বেছি দিন নালাগিব ৷”

নগা জনতালৈ এনেদৰেই আহ্বান জনালে নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন নেচনেল ছচিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড (খাপলাং)ৰ ৷ য়ুং আঙ নেতৃত্বাধীন নেচনেল ছচিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ডে অবৈধ প্ৰবৰ্জনকাৰীৰ বিৰুদ্ধে সৰ্তক হ'বলৈ প্ৰতিজন নগাক আহ্বান জনায় ৷

সংগঠনটোৰ প্ৰচাৰ বিভাগে নগা ৰাইজক উদ্দেশ্যি কয় যে সময় থাকোতেই যদি নগা সজাগ তথা সৰ্তক নহয়, তেন্তে নিজ ভূমিতেই ভূমিহীন হ'ব লাগিব ৷ সেয়ে সময় থাকোতেই প্ৰতিজন নগা আৰু নগাৰ প্ৰতিটো দল-সংগঠন একত্ৰিত হওক ৷ অবৈধ প্ৰবৰ্জনকাৰীৰ বিৰুদ্ধে মাৰবান্ধি ঠিয় হওক ৷

“শেহতীয়াকৈ নগাভূমিত একাংশ অবৈধ প্ৰবৰ্জনকাৰীৰয়ে খিলঞ্জীয়া নগাৰ ওপৰতেই আক্ৰমণ কৰা দেখা গৈছে ৷ খিলঞ্জীয়া নগাৰ ওপৰত মাৰপিট, আক্ৰমণ, হত্যাৰ চেষ্টা কৰাৰ ঘটনা নগাভূমিত বৃদ্ধি পাইছে ৷ এয়া শুভ লক্ষণ নহয় ৷ এয়া গভীৰ বিপদৰ আগজাননী”- এনেদৰে নগা ৰাইজক সৰ্তক হ'বলৈ কৈছে য়ুং আঙ নেতৃত্বাধীন নেচনেল ছচিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ডে ৷

অবৈধ প্ৰবৰ্জনকাৰীৰ পৰা সাৱধান হ'বলৈ নগা ৰাইজক আহ্বান জনাই সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৱে লগতে সকিয়ালে সেই সকলক, যিসকলে অবৈধ প্ৰবৰ্জনকাৰীক নগা ভূমিত আশ্ৰয় দিছে বা সুবিধা দিছে ৷

ইপিনে প্ৰতিটো নগা সংগঠনৰ বিষয়া-কৰ্মীক নগা জাতিৰ ভৱিষ্যতৰ স্বাৰ্থত একত্ৰিত হ'বলৈ আহ্বান জনাই য়ুং আঙ নেতৃত্বাধীন নেচনেল ছচিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ডে এনেদৰে কয়, “আমাৰ মাজত থকা সকলো মতানৈক্য বা মতভেদ আমি সময় থাকোতেই পৰিহাৰ কৰিব লাগিব ৷ নহ'লে অবৈধ প্ৰবৰ্জনকাৰীয়ে আমাৰ সকলো বজাৰ, অৰ্থনীতি দখল কৰিব আৰু আমাৰ ভৌগোলিক পৰিধি পৰিৱৰ্তন কৰি দিব ৷ সেয়ে এনে আগ্ৰাসী শত্ৰুৰ বিৰুদ্ধে আমি একত্ৰিত হোৱাৰ প্ৰয়োজন ৷”
আৰু চাওক পৰৱৰ্তী বাতৰি