India-China Rift: বুলডজাৰেৰে গালৱান নৈ পুতিছে চীনে, চেটেলাইট ফটো পোহৰলৈ

planet lab inc ৰ তৰফৰ পৰা জাৰি কৰা ফটোত দেখা গৈছে যে চীনে বুলডজাৰেৰে বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাত (Line of Actual Control) নিজৰ কুচ–কাৱাজ চলাই আছে। বুলডজাৰেৰে নদী পুতিবলৈ ধৰাৰ ফলত নদীৰ সোঁতৰ ক্ষেত্ৰতো প্ৰভাৱ পৰা দেখা গৈছে।

- News18 Assam
- Last Updated: June 19, 2020, 9:29 AM IST
Planet Lab Incৰ তৰফৰ পৰা জাৰি কৰা ফটোত দেখা গৈছে যে চীনৰ বুলডজাৰেৰে বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাত একেৰাহে কাম কৰি থকা হৈছে। বুলডজাৰ চলোৱাৰ ফলত গালৱানৰ নদীৰ সোঁতত প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে। চেটেলাইট ফটোত গালৱান নদীৰ সমীপত চীনে যথেষ্ট সংখ্যক ট্ৰাক, সেনা পৰিবহন কৰা আৰু বুলডজাৰ দেখিবলৈ পোৱা গৈছে। এইসমূহ চীনা সেনাৰ নিয়ন্ত্ৰণ ৰেখাৰ ৫কিলোমিটাৰৰ ব্যাসাৰ্ধৰ ভিতৰত হৈছে।

ভাৰতীয় বায়ুসেনাই ইতিমধ্যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত তীক্ষ্ন দৃষ্টি ৰাখি আছে।