আজি দেশজুৰি পালন কৰা হৈছে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৪সংখ্যক জন্মজয়ন্তী। ৰাজধানী দিল্লীস্থিত মেজৰ ধ্যানচান্দ ষ্টেডিয়ামৰ পৰা ইণ্ডিয়া গে’টলৈ উলিওৱা হয় ‘ৰান ফৰ ইউনিটী’ অৰ্থাৎ একতাৰ দৌৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰে ‘একতাৰ দৌৰ’। অসমতো চৰ্দাৰ পেটেলৰ জন্মজয়ন্তী উপলক্ষে উলিওৱা হয় একতাৰ দৌৰ।
গুজৰাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্টেচ্যু অব ইউনিটীত উপস্থিত হৈ চৰ্দাৰ বল্লভ ভাই পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছতে লগতে একতা পেৰেডত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, গৃহ মন্ত্ৰী অমিত শ্বাহ, দিল্লীৰ ৰাজ্যপাল অনিল বৈজল আৰু কেন্দ্ৰী মন্ত্ৰী হৰদীপ সিং পুৰীয়ে দিল্লীত এক কাৰ্যসূচীত চৰ্দাৰ পেটেললৈ শ্ৰদ্ধা নিবেদন কৰে।
এই উপলক্ষে অমিত শ্বাহে কয় যে ৭০ বছৰ ধৰি কোনোৱে অনুচ্ছেদ ৩৭০ক স্পৰ্শ কৰাৰ উপযুক্ত বুলি নাভাবিলে। ২০১৯ত দেশৰ জনতাই আকৌ এবাৰ নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহুৱালে আৰু ৫ আগষ্টত দেশৰ সংসদে ৩৭০ আৰু ৩৫ এ আঁতৰাই চৰ্দাৰ পেটেলৰ আধৰুৱা সপোন পূৰণ কৰিলে।

অসমতো পালন কৰা হয় চৰ্দাৰ পেটেলৰ জন্মজয়ন্তী। নেহৰু ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

নেহৰু ষ্টেডিয়ামৰ পৰা উলিওৱা হয় একতাৰ দৌৰ। বহু লোকে অংশগ্ৰহণ কৰে একতাৰ দৌৰত। অনুষ্ঠানত উপস্থিত থাকে অভিনেতা যতীন বৰাৰ লগতে বহুসংখ্যক গণ্য–মান্য ব্যক্তি।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : October 31, 2019, 08:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।