মহান কাম কৰাৰ ইচ্ছা বহুতৰে থাকে। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে ইয়াৰ আৰম্ভণি ঘটোৱাটো। সেয়া সম্ভৱ হৈ উঠাৰ পিছতে ই অগ্ৰগতিৰ দিশে ধাৱমান হয়। এনে এক কামৰে আৰম্ভণি Network 18ৰ দ্বাৰা ইতিমধ্যে এমাহ আগেয়ে কৰা হৈছে। একে সময়তে লোৱা হৈছিল কিছু শপতো। এইবাৰ এয়া কাৰ্যত পৰিণত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল ফেডাৰেল বেংকৰ অৰ্থানুকূলে। বিষয়টো কোভিড ১৯ ভাইৰাছৰ টিকাকৰণৰ সৈতে সম্পৰ্কিত।
বৰ্তমান মাৰাত্মক কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে দেশৰ প্ৰতিটো প্ৰান্তক চুইছে। বিশেষজ্ঞসকলৰ মতে ইয়াৰ তৃতীয় ঢৌটোও সোনকালেই আহিব। দ্বিতীয় ঢৌৰ মৃত্যুমিছিল বন্ধ নৌহওঁতেই তৃতীয় ঢৌৰ আশংকাই দেশৰ জনগণৰ কি অৱস্থা কৰিব, তাক লৈ উদ্বিগ্নতা স্বাভাৱিক। কিন্তু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ উপায় হৈছে গণ–টিকাকৰণ। এক সন্মিলিত ৰোগ প্ৰতিৰোধ প্ৰণালী নিৰ্মাণ কৰিব নোৱাৰিলে এই ভাইৰাছৰ সৈতে যুঁজিব পৰা নাযাব।
কিন্তু এই ক্ষেত্ৰতো দেশখনে এক পুৰণি সমস্যাৰ সন্মুখীন হৈছে, আকৌ মূৰ দাঙি উঠিছে গাঁও বনাম চহৰৰ দ্বন্দ্ব। এয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে বৰ্তমান দেশৰ সকলো টিকাকৰণ কেন্দ্ৰ চহৰ অঞ্চলত আছে, গাঁওবোৰ সঠিক আন্তঃগাঁথনিৰ অভাৱত ভুগি আছে। কিন্তু Network18-এ ইমান সহজে হাৰ মানিবলৈ প্ৰস্তুত নহয়। বিশেষকৈ যেতিয়া ফেডাৰেল বেংকৰ পৃষ্ঠপোষকতা কাষত থাকে। সেয়েহে, কোৰোণাৰ দ্বাৰা আটাইতকৈ বেছি পীড়িত দেশৰ ৫টা প্ৰত্যন্ত এলেকাত ভ্ৰাম্যমাণ টিকাকৰণ কেন্দ্ৰ আৰম্ভ কৰা হৈছে, ইয়াৰ নামকৰণ কৰা হৈছে সঞ্জীৱনী গাড়ী (Sanjeevani Gaadi)।
বিশ্ব স্বাস্থ্য দিৱসত ইতিমধ্যে অমৃতসৰৰ পৰা সঞ্জীৱনী বাহনৰ যাত্ৰা আৰম্ভ হৈছে। অমৃতসৰৰ লগতে এই সঞ্জীৱনী গাড়ীৰ যাত্ৰাপথ হিচাপে মনোনীত কৰা পাঁচখন জিলাৰ ভিতৰত আছে ইন্দোৰ, দক্ষিণ কন্নড়, নাছিক আৰু গুন্টুৰ। ৫খন জিলাৰ ৫০০খন গাঁৱৰ বাসিন্দাৰ টিকাকৰণ সম্পূৰ্ণ কৰিবলৈ এই উদ্যোগটো প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ ভিতৰত অমৃতসৰৰ ৭০খন গাঁও, ইন্দোৰ আৰু দক্ষিণ কন্নড়কে ধৰি ১০০খন গাঁও সঞ্জীৱনী গাড়ীয়ে সামৰি ল'ব। বাকী জিলাসমূহৰ গাঁওবোৰতো এই ভ্ৰাম্যমাণ টিকাকৰণ কেন্দ্ৰত উপস্থিত হ'ব।
এই যাত্ৰাত Apollo 24X7 আৰু স্বেচ্ছাসেৱী সংগঠন ইউনাইটেড ৱে মুম্বাই (United Way Mumbai)য়েও সহায়ৰ হাত আগবঢ়াইছে। সঞ্জীৱনী- এ শ্বট অফ লাইফ (Sanjeevani- A Shot of Life)ৰ সৈতে দেশৰ এজন বিশিষ্ট অভিনেতা আৰু সমাজহিতৈষী চনু সুদো (Sonu Sood) আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|