உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Sanjeevani: কোৰোণাৰ ভেকচিনে আমাক কাষ চপাই আনিছেঃ এক গোলকীয় দৃষ্টিভংগী...

    Sanjeevani: কোৰোণাৰ ভেকচিনে আমাক কাষ চপাই আনিছেঃ এক গোলকীয় দৃষ্টিভংগী...

    গোলকীয় ভেকছিনেশ্যন সমন্বয়ৰ অৰ্থ হৈছে এতিয়া দেশবোৰে তেওঁলোকৰ টিকাকৰণ কাৰ্যসূচীৰ কাৰ্যকাৰিতাৰ বিষয়ে ৰিয়েল-টাইমৰ তথ্য ভাগ-বতৰা কৰিব পাৰে, আৰু পৰস্পৰে পৰস্পৰৰ অভিজ্ঞতাৰ পৰা শিকিব পাৰে।

    গোলকীয় ভেকছিনেশ্যন সমন্বয়ৰ অৰ্থ হৈছে এতিয়া দেশবোৰে তেওঁলোকৰ টিকাকৰণ কাৰ্যসূচীৰ কাৰ্যকাৰিতাৰ বিষয়ে ৰিয়েল-টাইমৰ তথ্য ভাগ-বতৰা কৰিব পাৰে, আৰু পৰস্পৰে পৰস্পৰৰ অভিজ্ঞতাৰ পৰা শিকিব পাৰে।

    গোলকীয় ভেকছিনেশ্যন সমন্বয়ৰ অৰ্থ হৈছে এতিয়া দেশবোৰে তেওঁলোকৰ টিকাকৰণ কাৰ্যসূচীৰ কাৰ্যকাৰিতাৰ বিষয়ে ৰিয়েল-টাইমৰ তথ্য ভাগ-বতৰা কৰিব পাৰে, আৰু পৰস্পৰে পৰস্পৰৰ অভিজ্ঞতাৰ পৰা শিকিব পাৰে।

    • Share this:
    ব্ৰাজিল আৰু ভাৰত আক্ষৰিক অৰ্থত পৃথিৱীৰ বিপৰীত প্ৰান্তত অৱস্থিত। ঐতিহাসিকভাবে, দুয়োখন বিশাল দেশৰ মাজত কিছু বাণিজ্যিক আৰু ব্যক্তি বিশেষৰ মাজত বাৰ্তালাপ হৈছিল। সেয়েহে, এই বছৰৰ আৰম্ভণিতে ক’ভিশ্বিল্ড ভেকচিনৰ 2 নিযুত পালি লাভ কৰাৰ পিছত যেতিয়া ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ ব’লচোনাৰোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এটা 'ধন্যবাদ' সূচক টুইট কৰিছিল, কোভিড-19ৰ বিৰুদ্ধে চলি থকা যুঁজৰ ভিত্তিত ই এক বিশ্বব্যাপী সহযোগিতাৰ নতুন যুগৰ সূচনা কৰিছিল। যিটো সময়ত প্ৰতিখন দেশে মহামাৰীৰ লগতে অন্যান্য ঘৰুৱা সংকটৰ সৈতে মোকাবিলা কৰি আছিল, সেইসময়ত ই বিশ্বব্যাপী শৃংখলাৰ এক প্ৰতিকূল সমবেত সত্ত্বাৰ প্ৰতীক হৈ পৰিল।

    এই গোলকীয় সহযোগিতাৰ আঁৰত এই চিন্তা আছে যে, মহামাৰীৰ এই কালত দেশবিলাকে ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ সমূহীয়া বুদ্ধিমত্তা আৰু দক্ষতা ভাগ-বতৰা কৰাৰ প্ৰয়োজনীয়তা আগতীয়াকৈ উপলব্ধি কৰিব পাৰিছে। আনকি সীমান্ত বন্ধ হৈ থকাৰ সময়তো, এই সহযোগিতাৰ পৰিমাণ বৃদ্ধি পাইছিল। বিশেষকৈ ভেকচিনৰ বিকাশ আৰু বিতৰণৰ ক্ষেত্ৰত। বিশ্ব স্বাস্থ্য সংস্থা (WHO), মহামাৰীৰ বিৰুদ্ধে প্ৰস্তুতি কেন্দ্ৰ (CEPI) আৰু Gavi ভেকচিন এলায়েন্সৰ দৰে এই প্ৰচেষ্টাসমূহক নিৰ্দেশনা দিয়া প্ৰতিষ্ঠানসমূহে সমগ্ৰ বিশ্বত ন্যায়সংগত ধৰণেৰে ভেকচিন বিতৰণৰ সুবিধা নিশ্চিত কৰিবৰ বাবে বিশেষজ্ঞ আৰু নীতি নিৰ্ধাৰক নিয়োগ কৰে।

    এই অভিযান সফলতাৰে সম্পূৰ্ণ হোৱাৰ বিৰুদ্ধে কেইবাটাও ভাবুকি আছে। প্ৰতিষ্ঠানবোৰে যোগানৰ অসমান অধিগম্যতা, সামগ্ৰী পৰিবহণত সুৰক্ষাৰ বিপদাশংকা, স্থানীয় অস্থিৰতা আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত ৰাজহুৱা অনুপালনৰ অভাৱৰ বাবে পৰিকল্পনা কৰিব লাগিব, যিবিলাকে এতিয়াও টিকাকৰণ কাৰ্যসূচী ৰোধ কৰিব পাৰে। কিন্তু য'তে ভাবুকি থাকে, তাত সুযোগো থাকে। বিশ্বব্যাপী টিকাকৰণ সমন্বয়ৰ অৰ্থ হৈছে দেশবিলাকে এতিয়া তেওঁলোকৰ টিকাকৰণ কাৰ্যসূচীৰ তথ্য যিকোনো সময়তে ভাগ-বতৰা কৰিব পাৰে, আৰু পৰস্পৰৰ অভিজ্ঞতাৰ পৰা শিকিব পাৰে।

    কিন্তু বিশ্বব্যাপী সংহতিৰ এই প্ৰদৰ্শনৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে ন্যায়সংগত ভেকচিন বিতৰণৰ স্পষ্ট লাভালাভ। দৰিদ্ৰ দেশবিলাকক ভেকচিন দান কৰাৰ বাবে ধনী দেশবোৰে বহন কৰিব পৰা ব্যয়ে বিনিয়োগৰ ক্ষেত্ৰত বৃহৎ লাভ আনিব বুলি নিশ্চিত। যদিহে এই মহামাৰী দ্ৰুতগতিত সমাপ্ত হয় আৰু অৰ্থনীতি দ্ৰুতগতিত পুনৰুদ্ধাৰ হয়।

    গোলকীয় সমন্বয়ৰ এই নতুন যুগে আটাইতকৈ পিছপৰা আৰু দুৰ্বল লোকৰ বাবে এক আশাৰ সৃষ্টি কৰিছে।

    এয়া এনে এক দ্বিধাজনক সমস্যা, যি ভাৰতৰ সৰ্ববৃহৎ টীকাকৰণ অভিযান, Network18 ‘Sanjeevani – A Shot of Life’ক অনুপ্ৰাণিত কৰিছিল, আৰু যিটো হৈছে Federal Bank-ৰ এক বিশেষ CSR উদ্যোগ। ভাৰতৰ সুস্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে এই আন্দোলনত যোগদান কৰক আৰু প্ৰত্যেক ভাৰতীয়ই কোভিড-19 টীকাকৰণ আৰু তথ্য লাভ কৰাত সহায় কৰক। এই বিশ্বক এখন উন্নত স্থান কৰি তোলাৰ এইটো সুবৰ্ণ সুযোগ।
    Published by:Himangshu Bhuyan
    First published: