টিকাকৰণ নোহোৱা বহুতো লোক অজ্ঞাতে মাৰাত্মক ৰোগৰ বাহক হৈ পৰে যাৰ ফলত তেওঁলোকৰ প্ৰিয়জন বিপদাপন্ন হয়। ই হৈছে এক ৰোগ বিয়পোৱা প্ৰণালী যি, কোভিড-19 সংকটৰ সময়ত বিশেষভাৱে কাৰ্যকৰী হৈছে, কিয়নো পৰিয়ালৰ বহুতো বয়সীয়াল সদস্য লক্ষণহীন কম বয়সীয়া আত্মীয়ৰ দ্বাৰা সংক্ৰমিত হৈছে।
ভেকছিনে চিকিৎসাৰ ব্যয় হ্ৰাস কৰেঃ
ভেকছিনে এখন দেশৰ ৰাজহুৱা স্বাস্থ্যসেৱা প্ৰণালীৰ বোজা হ্ৰাস কৰাৰ উপৰিও ৰোগৰ চিকিৎসাৰ ব্যয়ো হ্ৰাস কৰে। ইয়াৰ বহুতো ইতিবাচক অৰ্থনৈতিক প্ৰভাৱো আছে, কিয়নো স্বাস্থ্যৱান জনগণ সাধাৰণতে অধিক উৎপাদনশীল আৰু সমৃদ্ধ হয়।
ভেকছিনসমূহ বিতৰণ কৰা সহজঃ
Network18 ‘Sanjeevani– A Shot Of Life’ ৰ দৰে গণ টিকাকৰণ অভিযানৰ জৰিয়তে, যাৰ উদ্দেশ্য হৈছে সকলো ভাৰতীয়ক কোভিড-19ৰ বিৰুদ্ধে টিকাকৰণ কৰা, ভেকছিন যাতে বহু সংখ্যক লোকক দ্ৰুততাৰে প্ৰদান কৰিব পাৰি। তদুপৰি স্বাস্থ্যসেৱাৰ বৰমুৰীয়াসকলে বিশ্বৰ দৰিদ্ৰ অঞ্চলত ভেকছিনবোৰ আৰু অধিক দ্ৰুততাৰে প্ৰদান কৰাৰ বাবে তেওঁলোকৰ পদ্ধতি বিকশিত কৰি আছে।
ভেকছিনে অন্য কোনো ৰোগ হোৱাৰ আশংকা হ্ৰাস কৰেঃ
ভেকছিনবোৰৰ এক পাৰ্শ্বক্ৰিয়া হ'ল, ই আন সম্পৰ্কিত ৰোগৰ বিৰুদ্ধেও সুৰক্ষা প্ৰদান কৰে। যিহেতু সেইবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে। ভেকছিনে শৰীৰক সেই নিৰ্দিষ্ট বেমাৰবিধৰ বাহিৰেও একে ধৰণৰ আন ভাইৰাছৰ প্ৰকাৰৰ প্ৰতি অধিক প্ৰতিৰোধী কৰি তোলে।
এই কাৰণবোৰৰ বাবেই যদি প্ৰতিজন ভাৰতীয়ই কোভিড-19 ভেকছিন গ্ৰহণ কৰে তেতিয়া আমি কেভিড-19ক পৰাজিত কৰিবলৈ সক্ষম হ'ম। আমি টিকা গ্ৰহণ কৰিব লাগিব আৰু প্ৰতিজন নাগৰিকৰ বাবে সঠিক তথ্য লাভ কৰাৰ সুবিধা সম্প্ৰসাৰণ কৰিব লাগিব। আৰু সঠিক তথ্যৰ দ্বাৰা আমি এক ৰোগমুক্ত, সুখী ভাৰত গঢ়ি তোলাৰ পথ তৈয়াৰ কৰিব পাৰো।
ফেডাৰেল বেংকৰ এক বিশেষ CSR উদ্যোগ, Network18 ‘Sanjeevani– A Shot Of Life’ৰ আঁৰত এইটোৱেই প্ৰেৰণা। ভাৰতৰ স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে এই আন্দোলনত যোগদান কৰক আৰু সকলো ভাৰতীয়লৈ কোভিড-19 টীকাকৰণ আৰু তথ্য লাভ কৰাৰ সুবিধা বিয়পাত সহায় কৰক।