உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Sanjeevani: গ্ৰামীণ ভাৰতত কোৰোণাৰ টিকাকৰণ অভিযান, কিদৰে সফল কৰি তুলিব পাৰি?

    Sanjeevani: গ্ৰামীণ ভাৰতত কোৰোণাৰ টিকাকৰণ অভিযান, কিদৰে সফল কৰি তুলিব পাৰি?

    কোভিড-19 ভেকচিনৰ সুৰক্ষা আৰু কাৰ্যকাৰিতা সম্পৰ্কে তথ্য উপলব্ধ হোৱা স্বত্বেও, সমগ্ৰ দেশতে কিছু লোকৰ মাজত সন্দেহ বা ভেকচিনৰ বিষয়ে এতিয়াও নাই সজাগতা।

    কোভিড-19 ভেকচিনৰ সুৰক্ষা আৰু কাৰ্যকাৰিতা সম্পৰ্কে তথ্য উপলব্ধ হোৱা স্বত্বেও, সমগ্ৰ দেশতে কিছু লোকৰ মাজত সন্দেহ বা ভেকচিনৰ বিষয়ে এতিয়াও নাই সজাগতা।

    কোভিড-19 ভেকচিনৰ সুৰক্ষা আৰু কাৰ্যকাৰিতা সম্পৰ্কে তথ্য উপলব্ধ হোৱা স্বত্বেও, সমগ্ৰ দেশতে কিছু লোকৰ মাজত সন্দেহ বা ভেকচিনৰ বিষয়ে এতিয়াও নাই সজাগতা।

    • Share this:
    বৰ্তমান ভাৰতত বিশ্বৰ সৰ্ববৃহৎ কোভিড-19 টিকাকৰণ অভিযান এটা অংশ চলি আছে। ৬ মে'লৈকে ১৬ কোটিৰো অধিক ভেকচিনৰ ডোজৰ ব্যৱস্থা কৰা হৈছে। ভেকচিনেই মহামাৰীৰ পৰা বাছি থকাত সহায় কৰিব। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তুলিব। অৱশ্যে, কোভিড-19 ভেকচিনৰ সুৰক্ষা আৰু কাৰ্যকাৰিতা সম্পৰ্কে তথ্য উপলব্ধ হোৱা স্বত্বেও, সমগ্ৰ দেশতে কিছু লোকৰ মাজত সন্দেহ বা ভেকচিনৰ বিষয়ে এতিয়াও নাই সজাগতা। বিশেষকৈ গ্ৰাম্য আৰু জনজাতীয় ভাৰতত ই অধিক বৃদ্ধি পাইছে।

    সেয়েহে, টিকাকৰণৰ বিষয়ে সময়মতে, সঠিক আৰু স্বচ্ছ তথ্য প্ৰচাৰ কৰাত সহায় কৰিবলৈ ভাৰতৰ গ্ৰাম্য অঞ্চলত এক কাৰ্যকৰী যোগাযোগ আৰু সজাগতা ৰণনীতি গ্ৰহণ কৰাটো প্ৰয়োজনীয়। ই ভেকচিনৰ প্ৰতি সংকোচৰ বিৰুদ্ধে যুঁজ দিব, আশংকা হ্ৰাস কৰিব, ইয়াৰ গ্ৰহণযোগ্যতা নিশ্চিত কৰিব আৰু অধিক নাগৰিকক টিকাকৰণ কৰোৱাবলৈ উৎসাহিত কৰিব। প্ৰযুক্তিৰ প্ৰত্যাহ্বান আৰু ভৌগোলিকভাৱে অঞ্চলসমূহলৈ যোৱাটো কঠিন হোৱাটোৰ প্ৰতি লক্ষ্য ৰাখি এনে ৰণনীতিত  গ্ৰামীণ অঞ্চললৈ যোৱাৰ এক বিকেন্দ্ৰিভূত দৃষ্টিভংগী থাকিব লাগিব।

    সম্প্ৰদায়বিলাকক গণ টিকাকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে  সংবেদনশীল কৰা, কোভিড-19 ভেকচিন সম্পৰ্কে থকা পুৰণিকলীয়া চিন্তন বা ভয় দূৰ কৰা, লগতে টীকাকৰণৰ বাবে যোগ্য লোকৰ পঞ্জীয়ন সহজ কৰাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে, জ্ঞান, মনোভাৱ আৰু অনুশীলন উন্নত কৰিবলৈ এক দৃষ্টিভংগীৰ প্ৰয়োজন।

    টিকাকৰণৰ বিষয়ে জ্ঞান: গ্ৰামীণ অঞ্চলত, প্ৰথমে টিকাকৰণ কি আৰু ইয়াৰ উদ্দেশ্য সম্পৰ্কে সম্প্ৰদায়বোৰক সজাগ কৰাটো গুৰুত্বপূৰ্ণ।  এনে প্ৰাথমিক তথ্যৰ অভাৱে মানুহক উৰাবাতৰি আৰু ভুল তথ্যৰ প্ৰতি ধাৱমান কৰি তোলে। এয়া নোহোৱা কৰিবৰ বাবে, বাৰ্তাবোৰ স্থানীয় ভাষাত প্ৰদান কৰিব লাগিব আৰু সম্প্ৰদায়বিলাকৰ সামাজিক-সাংস্কৃতিক পৃষ্ঠভূমি অনুসৰি প্ৰাসংগিক হ'ব লাগিব। ৰাজ্য অনুসৰি নিৰ্দিষ্ট ভিন্নতা আৰু দুৰ্বলতা যেনে গ্ৰামীণ, জনজাতীয়, অ-জনজাতীয়, আৰু উপস্থিত হোৱাত কঠিনতা আদি সমস্যাৰ সতে মোকাবিলা কৰিব লাগিব।

    মনোবৃত্তি: সঠিক জ্ঞানে টিকাকৰণৰ প্ৰতি সঠিক মনোভাৱ সৃষ্টি কৰে। ইয়াতেই প্ৰচলিত ভুল তথ্যৰ মূল্যায়ন কৰি উৰাবাতৰি এৰাই চলিবলৈ ব্যক্তিসকল সক্ষম হয়।

    অভ্যাস: উন্নত জ্ঞান আৰু সঠিক মনোভাবে সম্প্ৰদায়ৰ সদস্যসকল ক্ষেত্ৰত ইন্ধন যোগায়। এই ক্ষেত্ৰত, ইয়াৰ অৰ্থ হৈছে টিকাকৰণৰ বাবে পঞ্জীয়ন কৰা আৰু দুয়োটা পালি সময়মতে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰা।

    টীকাকৰণ আৰম্ভ কৰাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে যে গ্ৰামীণ অঞ্চলত প্ৰযুক্তিৰ অভাৱ। আনকি প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত বিভিন্ন সম্প্ৰদায়ৰ মাজত সীমিত জ্ঞান। "CO-WIN ডেশ্বব'ৰ্ড কি?", "মই কেনেকৈ পঞ্জীয়ন কৰিম?", "মই কেনেকৈ মোৰ এপইণ্টমেণ্ট বুক কৰিম?", "মোৰ নিকটতম টিকাকৰণ কেন্দ্ৰ কোন ঠাইত?", আদি প্ৰশ্নবোৰ স্বাভাৱিকতে মানুহৰ মনত খেলিমেলিৰ সৃষ্টি কৰে।

    চহৰৰ তুলনাত গ্ৰাম্য লোকক এনেবোৰ প্ৰশ্নই যথেষ্ট অসুবিধাত পেলায়। গ্ৰামীণ পৰ্যায়ত পঞ্জীয়ণ কেন্দ্ৰ স্থাপন কৰি আৰু গ্ৰাম পঞ্চায়তৰ সদস্য, অংগনৱাড়ী সেৱক, আশা কৰ্মী আদিৰ দৰে মুখ্য প্ৰভাৱশালী লোকৰ সহায়ত মানুহক পঞ্জীয়ণ কৰোৱাবলৈ একত্ৰিত কৰিব পাৰি। সকলো বয়সৰ শ্ৰেণীৰ বাবে চৰকাৰে পোনপটীয়াকৈ টিকাকৰণ পঞ্জীয়ণৰ অনুমতি নিদিয়ালৈকে এইটো এক গুৰুত্বপূৰ্ণ ৰণনীতি হ'ব।

    গ্ৰামীণ ভাৰতত টীকাকৰণ কৰোৱাটো জটিল। অৱশ্যে, ইয়াক বিকেন্দ্ৰীভূত পৰিকল্পনা আৰু এক সম্প্ৰদায় আধাৰিত দৃষ্টিভংগীৰে প্ৰাপ্ত কৰিব পাৰি। আটাইকে এই সন্দৰ্বথ এক ধাৰাণা দিয়াটো গুৰুত্বপূৰ্ণ যে, CAB গ্ৰহণ আৰু টিকাকৰণ হ'ল, দেশক স্বাভাৱিক পৰিস্থিতিৰ দিশলৈ যোৱাৰ এক নিশ্চিত আৰু একমাত্ৰ উপায়।

    (লেখক-অনিল পাৰমাৰ, সঞ্চালক, কমিউনিটি ইনভেষ্টমেণ্ট, এন.জি.অ’ পাৰ্টনাৰ, ইউনাইটেড ৱে’ মুম্বাই)
    Published by:Himangshu Bhuyan
    First published: