কোৰোণা প্ৰতিৰোধৰ বাবে টিকাকৰণৰ সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে বিশ্ব স্বাস্থ্য দিৱসৰ দিনটোতে আৰম্ভ কৰা হৈছে বিশেষ অভিযান
কোৰোণা প্ৰতিৰোধৰ বাবে টিকাকৰণৰ সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে বিশ্ব স্বাস্থ্য দিৱসৰ দিনটোতে আৰম্ভ কৰা হৈছে বিশেষ অভিযান
নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকে বুধবাৰে কোভিড-১৯ টিকাকৰণ সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে আৰম্ভ কৰিলে Sanjeevani- A Shot of Life অভিযানৰ৷
বিশ্ব স্বাস্থ্য দিৱসৰ এই দিনটোতে BSFৰ পৰিচালন সঞ্চালক ৰাকেশ আস্থানা আৰু মানৱ দৰদী অভিনেতা ছনু সুদৰ উপস্থিতিত আৰম্ভ কৰা হয় Sanjeevani অভিযানৰ। পঞ্জাৱৰ আটাৰী সীমান্তত জোৱানসকলৰ এক চেল্যুৱেচন অনুষ্ঠানৰ মাজতে আৰম্ভ কৰা হয় এই অভিযানৰ।
পঞ্জাৱৰ আটাৰী সীমান্তত ফেডাৰেল বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া শ্যাম শ্ৰীনিবাসনে মুকলি কৰে এই অভিযান। বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে কোভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে এই অভিযানৰ আৰম্ভ কৰা হয় ।
অনুষ্ঠানত উপস্থিত থাকি অভিনেতা ছনু সুদে কয় যে,' “মোৰ আজি সেই সময়(বিগত বছৰ)ৰ কথা মনত আছে, যেতিয়া প্ৰব্ৰজনকাৰীসকলে তেওঁলোকৰ ঘৰলৈ যাবলৈ আৰম্ভ কৰিছিল। আমি কেৱল তেওঁলোকক শান্ত হৈ থাকিবলৈ আৰু সুৰক্ষিত থাকিবলৈ আহ্বান জনাইছিলো। কিন্তু এতিয়া যিহেতু আমি কোভিদৰ বিৰুদ্ধে ভেকচিন লাভ কৰিছো, তেনেস্থলত যিয়ে আমাৰ কথা শুনি আছে সকলোকে আহ্বান জনাইছো কোভিড ভেকচিন লোৱাটো অতি গুৰুত্বপূৰ্ণ।''
ল'ক ডাউনৰ সময়ত প্ৰব্ৰজনকাৰীসকলক ঘৰলৈ যোৱাত সহায় আগবঢ়াই সৰ্বত্ৰ উচ্চ প্ৰশংসা লাভ কৰা অভিনেতাজনে লগতে কয়, "মই ভাৱো, যিসকলে এতিয়াও ভেকচিন গ্ৰহণকলৈ দোমোজাত আছে।য তেওঁলোকে অতি শীঘ্ৰেই টিকা গ্ৰহণ কৰক ।"
উক্ত অনুষ্ঠানতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড° হৰ্ষ বৰ্ধনে সজাগতা অভিযান আৰম্ভ কৰাৰ বাবে নেটৱৰ্ক18 আৰু ফেডাৰেল বেংকৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে। তেওঁ কয়, “ফেডাৰেল বেংকৰ সৈতে নেটৱৰ্ক18-ৰ প্ৰচাৰ অভিযান চাই মই সুখী যে, আপোনালোকে ইয়াক সঞ্জীৱনী(Sanjeevani) নাম দিছে। টিকাকৰণ কাৰ্যসূচীক এক গণ আন্দোলনত পৰিণত কৰাৰ বাবে মই আপোনালোক সকলোৰে ওচৰত অত্যন্ত কৃতজ্ঞ।”
উল্লেখ্য যে এই অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্ধন, পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং, এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়া, চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালা, নাৰায়ণ স্বাস্থ্যৰ অধ্যক্ষ দেৱী চেট্টী, নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত, পঞ্জাবৰ স্বাস্থ্য মন্ত্ৰী বলবীৰ সিং সিদ্ধু, সীমান্ত সুৰক্ষা বাহিনী (BSF) সঞ্জয় জি গুপ্তা আৰু চিএনএনৰ মুখ্য চিকিৎসা সংবাদদাতা ড০ ৰাকেশ গুপ্তাকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|