Sanjeevani- A Shot of Life : Covid–19ৰ টীকাকৰণৰ সজাগতা বৃদ্ধিৰ বাবে Network18 আৰু Federal Bank-ৰ বিশেষ অভিযান ...
Sanjeevani- A Shot of Life : Covid–19ৰ টীকাকৰণৰ সজাগতা বৃদ্ধিৰ বাবে Network18 আৰু Federal Bank-ৰ বিশেষ অভিযান ...
Sanjeevani- A Shot of Life হৈছে ফেডাৰেল বেংকৰ এক চিএছআৰ অভিযান ৷ যিয়ে কোভিদ১৯ টীকাকৰণৰ প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ তথ্যৰ সৈতে যাব বিচাৰিছে প্ৰতিগৰাকী ভাৰতীয়ৰ কাষলৈ।
Sanjeevani- A Shot of Life হৈছে ফেডাৰেল বেংকৰ এক চিএছআৰ অভিযান ৷ যিয়ে কোভিদ১৯ টীকাকৰণৰ প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ তথ্যৰ সৈতে যাব বিচাৰিছে প্ৰতিগৰাকী ভাৰতীয়ৰ কাষলৈ।
৭ এপ্ৰিলত উদযাপিত হ’বলগীয়া বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে Network18 আৰু
ফেডাৰেল বেংকে হাতত লৈছে এক বিশেষ পদক্ষেপ ৷ কোৰোণা মহামাৰীৰ ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি কোভিদৰ টীকাকৰণ আৰু ইয়াৰ গুৰুত্ব বিষয়ত সজাগতা বৃদ্ধিৰ বাবে শেহতীয়াকৈ Sanjeevani- A Shot of Life নামৰ এক অভিযানৰ বাবে সাজু হৈছে ।
এই উদ্যোগটো হৈছে ফেডাৰেল বেংকৰ কৰ্পৰেট গোষ্ঠীৰ সামাজিক দায়ৱদ্ধতা (CSR)ৰ অধীনত গ্ৰহণ কৰা এক অভিযান ৷ যাৰ দ্বাৰা কোভিদ-১৯ ভেকছিনৰ প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ তথ্যৰ সৈতে যোৱা হ’ব প্ৰতিগৰাকী ভাৰতীয়ৰ ওচৰলৈ ৷
৭ এপ্ৰিলত ফেডাৰেল বেংকৰ সহযোগত নেটৱৰ্ক18–এ বলিউড অভিনেতা আৰু সমাজ সেৱক চনু সুদৰ সৈতে অমৃতসৰৰৰ পৰা আৰম্ভ কৰিব এই সঞ্জীৱনী(Sanjeevani)অভিযানৰ ।
যিহেতু ভাৰতৰ প্ৰায় ৬৬% জনসংখ্যাই দূৰৱৰ্তী গাঁৱত বাস কৰে, যাৰ ফলত তেওঁলোকক টিকাকৰণ কৰাটো অধিক কঠিন হৈ পৰে । তেনেস্থলত নেটৱৰ্ক18-ৰ লক্ষ্য হৈছে এই ভেকচিন বিষয়টো গুৰুত্বসহকাৰে লৈ যাতে প্ৰতিগৰাকী ভাৰতীয়ই কোভিদ-১৯ টীকা লাভ কৰে তাক সুনিশ্চিত কৰা ৷ যাতে শীঘ্ৰেই আমাৰ দেশ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰে ।
অভিযানৰ অংশ হিচাপে, ভাৰতৰ আটাইতকৈ বেছি প্ৰভাৱিত পাঁচখন জিলা ক্ৰমে অমৃতসৰ, ইন্দোৰ, নাচিক, গুণ্টুৰ আৰু দক্ষিণ কন্নাড়ক গ্ৰহণ কৰা হ'ব আৰু এই জিলাকেইখনৰ কেইবাখনো গাঁৱত টীকাকৰণ অভিযান অনুষ্ঠিত কৰা হ'ব।
অনুষ্ঠানটোৰ আৰম্ভণিতে 'সঞ্জীৱনী কি গাড়ী'ৰ ফ্লেগ অফ কৰা হ'ব। যিখন গাড়ীয়ে প্ৰভাৱিত অঞ্চলৰ মাজেৰে ভ্ৰমণ কৰিব আৰু ভেকচিন গুৰুত্বৰ বিষয়ে গাঁওবাসীক সঠিক তথ্য প্ৰদান কৰিব ৷ ৯ মহীয়া দীঘলীয়া হ’ব এই “সঞ্জীৱনী”(Sanjeevani) অভিযান ৷
উল্লেখ্য যে, চলিত বছৰৰ ১৬ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোভিদ১৯ টিকাকৰণ অভিযানৰ প্ৰথম পৰ্যায়ৰ টীকাকৰণৰ আৰম্ভ কৰিছিল । য’ত দেশৰ তিনি কোটি আগশাৰীৰ কৰ্মী আৰু স্বাস্থ্য কৰ্মীসকলক টীকাকৰণ কৰা হৈছিল । ভাৰতত দুটাকৈ কোৰোণা ভাইৰাছ ভেকছিন উপলব্ধ – ক’ভিশিল্ড আৰু ক’ভাক্সিন আৰু দুয়োটা ভেকচিনে ৰাষ্ট্ৰীয় ঔষধে নিয়ন্ত্ৰকৰ পৰা জৰুৰীকালীন ব্যৱহাৰৰ বাবে কৰ্তৃত্ব লাভ কৰিছিল । এগৰাকী অনাময় কৰ্মী আছিল এই ভেকছিন অভিযানৰ টীকা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় ।
ইয়াৰ পাচতে দ্বিতীয় পৰ্যায়ত ১ মাৰ্চৰ পৰা, ৬০ বছৰ উৰ্ধৰ লোক আৰু ৪৫ ৰ পৰা ৫৯ বছৰৰ ভিতৰৰ অন্যান্য ৰোগত আক্ৰান্তসকল ভেকছিনৰ লাভৰ বাবে যোগ্য কৰা হৈছিল ৷