মুখ্যপৃষ্ঠা »খবৰ »দেশ »৬ ঘণ্টাৰো অধিক জেৰাৰ অন্তত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটক গ্ৰেপ্তাৰ

৬ ঘণ্টাৰো অধিক জেৰাৰ অন্তত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটক গ্ৰেপ্তাৰ

শিৱসেনাৰ সাংসদগৰাকীক মুম্বাইৰ এখ বিশেষ পিএমএলএ আদালতত হাজিৰ কৰোৱা হ’ব।

শিৱসেনাৰ সাংসদগৰাকীক মুম্বাইৰ এখ বিশেষ পিএমএলএ আদালতত হাজিৰ কৰোৱা হ’ব।

শিৱসেনাৰ সাংসদগৰাকীক মুম্বাইৰ এখ বিশেষ পিএমএলএ আদালতত হাজিৰ কৰোৱা হ’ব।

  • Share this:
শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটক গ্ৰেপ্তাৰ। EDয়ে ৬ঘণ্টাতকৈ অধিক সময় ধৰি চলোৱা জেৰাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ সাংসদগৰাকীক। EDয়ে জনোৱা অনুসৰি, তদন্ত প্ৰক্ৰিয়াত অসহযোগিতাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে সাংসদগৰাকীক।

উল্লেখ্য যে, দেওবাৰে সাংসদ সঞ্জয় ৰাউটৰ বাসগৃহত EDয়ে চলাইছিল তালাচী। ৯ ঘণ্টাজোৰা তালাচীত উদ্ধাৰ ১১ লাখ ৫০ হাজাৰ নগদ ধন উদ্ধাৰ। ভূমি কেলেংকাৰিৰ গোচৰত সাংসদগৰাকীৰ বাসগৃহত তালাচী। পাত্ৰা চল নামৰ এক ভূমি কেলেংকাৰিৰ গোচৰত সাংসদগৰাকীৰ বাসগৃহত চলোৱা হৈছিল তালাচী।

শিৱসেনাৰ সাংসদগৰাকীক মুম্বাইৰ এখ বিশেষ পিএমএলএ আদালতত হাজিৰ কৰোৱা হ’ব। ইডিয়ে তেওঁক জিম্মাত বিচাৰিব। তদন্তকাৰী সংস্থাৰ এটা দল দেওবাৰে মুম্বাইৰ ভাণ্ডুপ অঞ্চলত ৰাউটৰ বাসগৃহত উপস্থিত হয় তালাচী লোৱাৰ লগতে  ৰাউটক সোধা–পোছা কৰে। সন্ধিয়ালৈ তেওঁক তদন্তকাৰী সংস্থাৰ স্থানীয় কাৰ্যালয়লৈ সোধা–পোছাৰ বাবে চমন দিয়ে।

আনহাতে, ৰাউটে অভিযোগ কৰে যে তেওঁক ‘ভুৱা প্ৰমাণ’ৰ আধাৰত ফচোৱা হৈছে। কিন্তু তেওঁ হাৰ নামানে, দলো ত্যাগ নকৰে। ইডি কাৰ্যালয়ৰ বাহিৰত ৰাউটে কয়, ‘ইডিয়ে মোক গ্ৰেপ্তাৰ কৰিবলৈ গৈ আছে। মোক গ্ৰেপ্তাৰ কৰা হৈছে। হাৰ নামানো। তেওঁ অভিযোগ কৰে যে ইডিৰ এই কাম–কাজৰ উদ্দেশ্য শিৱসেনা আৰু মহাৰাষ্ট্ৰক দুৰ্বল কৰা।

শেহতীয়া বাতৰি