‘তুমি মোৰ হৃদয়ত সদায় জীয়াই থাকিবা...’ – সঞ্জয় দত্তৰ কন্যা ত্ৰিশালাৰ প্ৰেমিকৰ মৃত্যু

ত্ৰিশালাই ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে অন্তৰৰ দুখবোৰ প্ৰকাশ কৰিছে।

news18assam
Updated:July 4, 2019, 5:04 PM IST
‘তুমি মোৰ হৃদয়ত সদায় জীয়াই থাকিবা...’ – সঞ্জয় দত্তৰ কন্যা ত্ৰিশালাৰ প্ৰেমিকৰ মৃত্যু
ত্ৰিশালাই ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে অন্তৰৰ দুখবোৰ প্ৰকাশ কৰিছে।
news18assam
Updated: July 4, 2019, 5:04 PM IST
বলীউদ অভিনেতা সঞ্জয় দত্তৰ কন্যা ত্ৰিশালাৰ বয়ফ্ৰেণ্ডৰ মৃত্যু। এই খবৰ ত্ৰিশালাৰ ছচিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে পোহৰলৈ আহিছে। ত্ৰিশালাই ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে অন্তৰৰ দুখবোৰ প্ৰকাশ কৰিছে।

ত্ৰিশালাই লিখিছে – ‘মোৰ হৃদয় ভাঙি গৈছে। মোক ভাল পোৱা বাবে, মোক সুৰক্ষা দিয়া বাবে, মোৰ যতন ৰখা বাবে ধন্যবাদ। তুমি মোক বহু অনন্দ দিলা। তোমাক লগ পোৱাৰ পূৰ্বে ইমান অনন্দিত কেতিয়াও হোৱা নাছিলো। মই বহু ভাগ্যৱান যে তোমাক লগ পালো। ইয়াতকৈ সৌভাগ্যৰ কথা যে মই তোমাৰ হ’লো। তুমি সদায় মোৰ হৃদয়ত জীয়াই থাকিবা। মই তোমাক ভাল পাঁও আৰু যেতিয়ালৈ পুনৰ লগ নাপাওঁ তেতিয়ালৈ সদায় তোমাক ‘মিছ’ কৰিম। সদায় তোমাৰ, তোমাৰ বেল্লা মিয়া।’



উল্লেখযোগ্য যে ত্ৰিশালা সঞ্জয় দত্ত আৰু তেওঁৰ প্ৰথম পত্নীৰ কন্যা। ত্ৰিশালাই নিউয়ৰ্কৰ জন জে কলেজ অব ক্ৰিমিনেলৰ পৰা আইন স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে। তাৰ পিছত নিউয়ৰ্কৰ হাফষ্ট্ৰা ইউনিভাৰ্ছিটীৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। বৰ্তমান ফেশ্বন ইণ্ডাষ্ট্ৰীৰ সৈতে জড়িত ত্ৰিশালা। ১৯৯৬ চনত যেতিয়া ত্ৰিশালাৰ বয়স ৮ বছৰ আছিল তেতিয়াই ব্ৰেইন টিউমাৰৰ ফলত মৃত্যু হৈছিল মাতৃৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি