বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / AAP Loses Punjab By Election: কেজৰিৱাল বাহিনীত মোক্ষম আঘাত, পঞ্জাৱৰ সংসদীয় উপ নিৰ্বাচনত AAPৰ প্ৰাৰ্থী পৰাস্ত

AAP Loses Punjab By Election: কেজৰিৱাল বাহিনীত মোক্ষম আঘাত, পঞ্জাৱৰ সংসদীয় উপ নিৰ্বাচনত AAPৰ প্ৰাৰ্থী পৰাস্ত

file image

file image

AAPৰ প্ৰাৰ্থী গুৰমাইল সিং আৰু শিৰোমণি আকালি দল (SAD)ৰ অমৃতসৰৰ নেতা ছিমৰণজিত সিং মান (Simranjit Singh Mann)ৰ মাজত হোৱা নিৰ্বাচনী যুদ্ধত ৬ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত ছিমৰণজিত সিং মানে জয় লাভ কৰে।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

শেহতীয়াকৈ অনুষ্ঠিত হোৱা নিৰ্বাচনত ৯২খন বিধানসভা আসনেৰে পঞ্জাৱ দখল কৰা আম আদমি পাৰ্টী (Aam Aadmi Party (AAP)লৈ মোক্ষম আঘাত। ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ সংগৰুৰ (Sangrur) সংসদীয় সমষ্টিত হোৱা উপ নিৰ্বাচনত AAPৰ প্ৰাৰ্থী পৰাস্ত হয়। সংগৰুৰ সমষ্টিৰ সাসংদ ভগৱন্ত মান মুখ্যমন্ত্ৰী (Chief Minister Bhagwant Mann) হোৱাৰ পিছত খালী হোৱা সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল।

AAPৰ প্ৰাৰ্থী গুৰমাইল সিং আৰু শিৰোমণি আকালি দল (SAD)ৰ অমৃতসৰৰ নেতা ছিমৰণজিত সিং মান (Simranjit Singh Mann)ৰ মাজত হোৱা নিৰ্বাচনী যুদ্ধত ৬ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত ছিমৰণজিত সিং মানে জয় লাভ কৰে।

বিজ্ঞাপন

মাত্ৰ এমাহ আগতে আপৰ বিজয় নিশ্চিত যেন লাগিছিল যদিও পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যা (Sidhu Moosewala killing) আৰু সোঁপন্থী শিখ ৰাজনীতিবিদসকলে আপৰ বিৰুদ্ধে সৃষ্টি কৰা ঢৌ  সফল হোৱা বাবেই যেন আপৰ হিচাপ-নিকাচ বিঘ্নিত কৰি পেলাইছে।

উপ-নিৰ্বাচনত আপৰ হতাশ সমৰ্থকসকলে আঁতৰি থকাৰ সিদ্ধান্ত লোৱা বুলি প্ৰচাৰ হোৱাৰ  বাবেই ভোটাৰৰ কম ভোটদানৰ কাৰণ হিচাপেও উল্লেখ কৰা হৈছে। উল্লেখ্য যে উপনিৰ্বাচনত মাত্ৰ ৪৫ শতাংশ ভোটদান হৈছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে সংগৰুৰ সংসদীয় সমষ্টিৰ ৯ খন বিধানসভাৰ আসনতেই প্ৰতিনিধিত্ব কৰি আছে আপৰ বিধায়কে। চুবুৰীয়া ৰাজ্য হিমাচল প্ৰদেশ (Himachal Pradesh)ত খোপনি পুতিবলৈ চেষ্টা কৰি থকা AAP দলৰ বাবে এই ফলাফল উদ্বেগজনক বুলি চৰ্চা হৈছে।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন