দেশত মুছলমানসকল সুৰক্ষিত নহয় – তীব্ৰ সাম্প্ৰদায়িক মন্তব্য সমাজবাদী পাৰ্টীৰ সাংসদৰ

লোকসভাত ‘বন্দে মাতৰম’ৰ বিৰোধিতা কৰা এইগৰাকী সাংসদে এতিয়া মুছলমানসকলক একগোট হোৱাৰ পৰামৰ্শ দিছে।

news18assam
Updated:June 2, 2019, 6:48 PM IST
দেশত মুছলমানসকল সুৰক্ষিত নহয় – তীব্ৰ সাম্প্ৰদায়িক মন্তব্য সমাজবাদী পাৰ্টীৰ সাংসদৰ
লোকসভাত ‘বন্দে মাতৰম’ৰ বিৰোধিতা কৰা এইগৰাকী সাংসদে এতিয়া মুছলমানসকলক একগোট হোৱাৰ পৰামৰ্শ দিছে।
news18assam
Updated: June 2, 2019, 6:48 PM IST
উত্তৰ প্ৰদেশৰ সম্বল সমাজবাদী পাৰ্টীৰ সাংসদ ডাঃ ছফিকুৰ ৰহমান বৰ্কৰ বিতৰ্কিত মন্তব্য। লোকসভাত ‘বন্দে মাতৰম’ৰ বিৰোধিতা কৰা এইগৰাকী সাংসদে এতিয়া মুছলমানসকলক একগোট হোৱাৰ পৰামৰ্শ দিছে। তেওঁ কয় যে ভাৰতত মুছলমানসকল সুৰক্ষিত নহয়। লগতে ছফিকুৰ ৰহমানে বিজেপিৰ ওপৰত মুছলমানক নিৰ্যাতন চলোৱাৰো অভিযোগ তোলে।

এক অনুষ্ঠানত তেওঁ কয় যে বিজেপিৰ নেতাই মুছলমানৰ বিৰুদ্ধে মন্তব্য কৰে। ইয়াৰ ফলত অন্য নেতাসকলেও মন্তব্য কৰিবলগীয়া হয়। মুছলমানসকলে দেশত শান্তি বিচাৰে, কিন্তু আমাক জীয়াই থকাৰ অধিকাৰ দিয়া হোৱা নাই। এই বিষয়ে সংসদত উত্থাপন কৰিম বুলিও কয় সাংসদজনে।

সাংসদজনে কয় যে দেশত মুছলমানসকল সুৰক্ষিত নহয়। নিৰ্দোষী লোকক নিৰ্যাতন চলোৱা হৈছে। শাসনৰ গাদী কেৱল ৫ বছৰৰ বাবেহে। এতিয়া যিসকল শাসনত আছে, তেওঁলোক পিছত নাথাকে। দেশত শান্তি বজাই ৰখা উচিত।

সাংসদগৰাকীয়ে কয় যে মুছলমানসকলে দেশত কন্দল, হিংসা নিবিচাৰে। বাৰে বাৰে আমাক পাকিস্তানলৈ পঠিওৱা হ’ব বুলি কিয় কোৱা হয়। আমি এই দেশত জন্মগ্ৰহণ কৰিছো, ইয়াতে থাকিম। সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰি মুছলমানক হত্যা কৰা হৈছে। তেওঁ কয় যে এতিয়া সংসদত চৰকাৰক আমি প্ৰশ্ন কৰিম কেতিয়া আমাক দেশত জীয়াই থকাৰ অধিকাৰ দিয়া হ’ব।

৮৮ বছৰীয়া সাংসদগৰাকীয়ে কয় যে হিন্দুসকলে একগোট হৈ বিজেপিক ভোট দিছে। সেইবাবে মহা জোঁটবন্ধনে মাত্ৰ ১৫খন আসন পাইছে। বিজেপিৰ শাসনকালত দেশত মুছলমানসকলক জীয়াই থকাৰ অধিকাৰ দিয়া নাই। ইয়াৰ বিপৰীতে মুছলমান সমাজে নিজৰ দেশক অত্যন্ত ভাল পায়। তেওঁ কয় – দেশৰ স্বাধীনতাৰ সময়তো বহু মুছলমানে জীৱন বলিদান দিছিল। সেই সময়ত আৰ এছ এছৰ লোকসকল ক’ত আছিল? যেতিয়া দেশ স্বাধীন হ’ল আৰ এছ এছ দেশৰ ঠিকাদাৰ হৈ গ’ল।
আৰু চাওক পৰৱৰ্তী বাতৰি