নাকচ হ’ব নেকি অভিনেতা ছলমান খানৰ জামিন?

চলি থকা হৰিণ চিকাৰ গোচৰৰ পৰৱৰ্তী শুনানিত অভিনেতাজনক উপস্থিত থকাৰ কঠোৰ নিৰ্দেশনা আদালতৰ।

News18-Assam
Updated:July 4, 2019, 3:15 PM IST
নাকচ হ’ব নেকি অভিনেতা ছলমান খানৰ জামিন?
চলি থকা হৰিণ চিকাৰ গোচৰৰ পৰৱৰ্তী শুনানিত অভিনেতাজনক উপস্থিত থকাৰ কঠোৰ নিৰ্দেশনা আদালতৰ।
News18-Assam
Updated: July 4, 2019, 3:15 PM IST
নাকচ হ’ব নেকি অভিনেতা ছলমান খানৰ জামিন? বৃহস্পতিবাৰে যোধপুৰ আদালতে ছলমান খানক দিলে কঠোৰ নিৰ্দেশনা। ছলমান খানৰ বিৰুদ্ধে চলি থকা ক’লা হৰিণ হত্যা কৰা গোচৰৰ পৰিৱৰ্তী শুনানিত আদালতত উপস্থিত থাকিবলৈ অভিনেতাজনক কঠোৰ নিৰ্দেশ দিলে ন্যায়ালয়ে।

১৯৯৮ চনত হম ছাথ ছাথ হ্যে ছবিখনৰ শ্বুটিঙৰ সময়ত অভিনেতা চলমান খানে ৰাজস্থানৰ অৰণ্যত ক’লা হৰিণ চিকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। পিছত গোচৰ সন্দৰ্ভত ছলমান খান দোষী সাব্যস্ত হোৱাত যোধপুৰ আদালতে তেওঁক ৫ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহে। পিছত জামিনৰ আবেদন কৰাত গোচৰটোত জামিন লাভ কৰিবলৈ সক্ষম হয় ছলমান খান।



গোচৰ সন্দৰ্ভত বিগত দুটা শুনানি কালত আদালতত উপস্থিত নাছিল অভিনেতা ছলমান খান। শ্বুটিঙত ব্যস্ত থকাৰ দোহাই দি আদালতত আবেদন দাখিল কৰিছিল অভিনেতাজনে। কিন্তু বৃহস্পতিবাৰে ৰাজস্থানৰ যোধপুৰ আদালতত গোচৰৰ শুনানি কালত অভিনেতাজন উপস্থিত নথকাৰ পিছতে পৰৱৰ্তী শুনানিত আদালতত হাজিৰ হোৱাৰ কঠোৰ নিৰ্দেশ জাৰি কৰিছে আদালতে। অন্যথা ছলমান খানৰ জামিন আবেদন নাকচ কৰা হ’ব বুলি জানিবলৈ দিয়ে আদালতে।
আৰু চাওক পৰৱৰ্তী বাতৰি