পুলৱামা কাণ্ডৰ প্ৰতিশোধ! নিৰাপত্তাৰক্ষীৰ গুলীত নিহত জঈছ–ই–মহম্মদৰ কমাণ্ডাৰ ছজ্জাদ

News18-Assam
Updated:June 18, 2019, 1:08 PM IST
পুলৱামা কাণ্ডৰ প্ৰতিশোধ! নিৰাপত্তাৰক্ষীৰ গুলীত নিহত জঈছ–ই–মহম্মদৰ কমাণ্ডাৰ ছজ্জাদ
অনন্তনাগৰ বাঘোমাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড সংঘৰ্ষত নিহত হয় ছজ্জাদৰ লগতে আন এটা সন্ত্ৰাসবাদীও। এই সংঘৰ্ষত শ্বহীদ হয় এজন সেনা জোৱানো।

অনন্তনাগৰ বাঘোমাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড সংঘৰ্ষত নিহত হয় ছজ্জাদৰ লগতে আন এটা সন্ত্ৰাসবাদীও। এই সংঘৰ্ষত শ্বহীদ হয় এজন সেনা জোৱানো।

  • Share this:
জম্মু–কাশ্মীৰৰ অনন্তনাগত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে পুলৱামা কাণ্ডৰ আন এজন ষড়যন্ত্ৰকাৰী জঈছ–ই–মহম্মদৰ কমাণ্ডাৰ ছজ্জাদ ভাট। অনন্তনাগৰ বাঘোমাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড সংঘৰ্ষত নিহত হয় ছজ্জাদৰ লগতে আন এটা সন্ত্ৰাসবাদীও। এই সংঘৰ্ষত শ্বহীদ হয় এজন সেনা জোৱানো।

১৪ ফেব্ৰুৱাৰীত পুলৱামা আক্ৰমণত ব্যৱহাৰ হৈছিল নিহত ছজ্জাদৰ বাহন। সন্ত্ৰাসবাদীয়ে এই বাহনখনৰ জৰিয়তে চি আৰ পি এফৰ কনভয়ত সংঘটিত কৰিছিল IED বিস্ফোৰণ। নিৰাপত্তাৰক্ষীৰ দাবী, এয়া পুলৱামা আক্ৰমণত জড়িত অন্তিমটো সন্ত্ৰাসবাদী।

অনন্তনাগৰ বিজবেহৰাৰ বাসিন্দা ছজ্জাদ ভাট শ্ব’পিয়ানৰ ছিৰাজ উল উলুম মাদ্ৰাছাৰ ছাত্ৰ আছিল। ১৭ বছৰ বয়সতে ছজ্জাদে জঈছ–ই–মহম্মদত যোগদান কৰিছিল। পুলৱামা আক্ৰমণত ব্যৱহৃত মাৰুতী ইক’ বাহনখনৰ গৰাকী আছিল ছজ্জাদ। ২০১১ চনত এই বাহনখন অনন্তনাগৰ হেভেন কলনীৰ বাসিন্দা মহম্মদ জলিল আহমেদ হাক্কানীক বিক্ৰী কৰা হৈছিল। ৪ ফেব্ৰুৱাৰীত এই বাহনখন ছজ্জাদৰ হাতত পৰাৰ পূৰ্বে আন সাতজন অন্য লোকৰ হাতলৈ গৈছিল।

জম্মু–কাশ্মীৰ আৰক্ষীৰ সহায়ত ছজ্জাদৰ ঘৰত ২৩ ফেব্ৰুৱাৰীত তালাচী তলোৱা হৈছিল, কিন্তু ঘৰত নাছিল ছজ্জাদ। NIAৰ সূত্ৰ অনুসৰি, তালাচীৰ দিনৰ পৰাই পলাতক হৈ আছিল ছজ্জাদ।

NIAৰ এজন বিষয়াই কয় যে পুলৱামা আক্ৰমণত সম্পূৰ্ণৰূপে ধ্বংস হোৱা মাৰুতী ইক’ বাহনখনৰ ফৰেনছিক পৰীক্ষা আৰু অটোম’বাইল বিশেষজ্ঞৰ সহায়ত চেছিছ নম্বৰ আৰু ইঞ্জিন নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সেই নম্বৰ ট্ৰেক কৰাত ছজ্জাদ ভাটৰ নাম পোহৰলৈ আহিছিল। তেতিয়াৰে পৰা নিৰাপত্তা সংস্থাই ছজ্জাদৰ সন্ধানত অভিযান চলাইছিল। মঙলবাৰে অনন্তনাগত হোৱা সংঘৰ্ষত নিহত হয় ছজ্জাদ।
First published: June 18, 2019, 1:07 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading